অসম

assam

ETV Bharat / state

অশোক কুমাৰ সিংঘীৰ বিৰুদ্ধে বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ক্ষোভ

ধুবুৰীৰ বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংঘীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু প্ৰাক্তন বঙালী জনমুক্তি বাহিনীয়ে । বিজেপি বিধায়কগৰাকীক 'দুৰ্নীতিৰ নায়ক' আখ্যা দিলে সংগঠন দুটাই । বিজেপি দলৰ প্ৰতি সমৰ্থন থাকিলেও এইবাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীক লৈ অসন্তুষ্ট সংগঠন দুটাৰ কৰ্মকৰ্তা ।

By

Published : Mar 18, 2021, 5:30 PM IST

অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ
অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ

পূৱ বিলাসীপাৰা,১৮ মাৰ্চ: এবাৰ বিধানসভা নিৰ্বাচনত কোনগৰাকী প্ৰাৰ্থীৰ সপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিব তাক লৈ বিমোৰত পৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু প্ৰাক্তন বঙালী জনমুক্তি বাহিনীৰ লগতে ধুবুৰীৰ বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাইজ । কিয়নো, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু প্ৰাক্তন বঙালী জনমুক্তি বাহিনীয়ে অভিযোগ উত্থাপন কৰা মতে, সমষ্টিটোৰ বিজেপি বিধায়ক তথা এইবাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী অশোক কুমাৰ সিংঘীয়ে ৰাইজৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই ।

চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো নিজৰ ইচ্ছামতে তেওঁৰ ঘনিষ্ঠ লোকক সুবিধা প্ৰদান কৰিছে বুলিও অভিযোগ তুলিছে সংগঠন দুটাই । বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰৰ বহলপুৰত এক সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু প্ৰাক্তন বঙালী জনমুক্তি বাহিনীয়ে । বিধায়ক অশোক কুমাৰ সিংঘীয়ে ছিণ্ডিকেট ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাৰ নেতৃত্বই ।

অশোক কুমাৰ সিংঘীৰ বিৰুদ্ধে বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ক্ষোভ

কেৱল এয়াই নহয়, বিধায়কগৰাকীক 'দুৰ্নীতিৰ নায়ক' আখ্যাও দিলে । বিগত পাঁচ বছৰত বিধায়কজনে দৰিদ্ৰ ৰাইজক উপেক্ষা কৰি সমষ্টিত কাম কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামতো অনিয়ম সংঘটিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে কৰ্মীসকলে ।

লগতে সমষ্টিটোৰ অনুসূচিত জনজাতিৰ লোককো চৰকাৰী সুবিধা প্ৰদানৰ পৰা বঞ্চিত কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰা হৈছে । আনহাতে, সংগঠন দুটাই প্ৰকাশ কৰিছে যে, তেওঁলোকে বিজেপি দলক ভাল পায়, কিন্তু বিলাসীপাৰা পূৱ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজনক লৈ তেওঁলোক মুঠেও সন্তুষ্ট নহয় ।

লগতে পঢ়ক: কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details