অসম

assam

ETV Bharat / state

অসমলৈ আহি শৰণাৰ্থীক সাক্ষাৎ বংগৰ বিধায়িকাৰ

ব্যাপক নিৰ্বাচনী হিংসাত জ্বলিছে পশ্চিমবংগ ৷ অসমলৈ পলাই আহি শৰণাৰ্থী হৈছে বিজেপি কৰ্মীসকল ৷ নিজ ৰাজ্যৰ শৰণাৰ্থীক সাক্ষাৎ কৰিবলৈ অসমত আহি উপস্থিত হৈছে পশ্চিমবংগৰ এগৰাকী বিধায়িকা ৷

By

Published : May 6, 2021, 10:34 PM IST

bengal-mla-meets-refugees-from-bengal-in-assam
অসমলৈ আহি নিজ ৰাজ্যৰ শৰণাৰ্থীক সাক্ষাৎ বংগৰ বিধায়িকাৰ

গোলকগঞ্জ, 6 মে’: পশ্চিমবংগৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে ৰাজ্যখনত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী হিংসা । ৰাজ্যখনৰ ঝাউকুঠী এলেকাৰ বিজেপি কৰ্মী-সমৰ্থকসকল পলাই আহি আশ্ৰয় লৈছে অসম সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলীত ।

সম্প্ৰতি অসমৰ বিভিন্ন দল-সংগঠনে এই শৰণাৰ্থীসকলৰ থকা-খোৱাৰ যতন লৈছে । এই খবৰ লাভ কৰি বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে, ঝাউকুঠী পশ্চিমবংগৰ তুফানগঞ্জ বিধানসভাৰ অন্তৰ্গত । বৃহস্পতিবাৰে তুফানগঞ্জৰ বিধায়িকা মালতী ৰেভাৰে ৰণপাগলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । লগতে এই সম্পৰ্কত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, তুফানগঞ্জৰ মহকুমাধিপতি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে বিধায়িকা গৰাকীয়ে । বৈঠকৰ অন্তত তেওঁ কয় যেতিয়ালৈ কোচবিহাৰ জিলা বা সমগ্ৰ পশ্চিমবংগ শান্ত নহয়, তেতিয়ালৈ শৰণাৰ্থীসকল পুনৰ ঘৰলৈ ঘূৰি যোৱাতো বিপদমুক্ত নহয় ৷

লগতে পঢ়ক :বিজেপি মিত্ৰজোঁটতকৈ অধিক ভোট লাভ কংগ্ৰেছ মহাজোঁটৰ

ABOUT THE AUTHOR

...view details