ধুবুৰী,১০ ফ্ৰেব্ৰুৱাৰী:ড্ৰাগছ গাঞ্জাৰ দৰেবৰ্তমানেও ৰাজ্যত অব্যাহত আছে ধঁপাতৰ এক বৃহৎ ছিণ্ডিকেট(Tobacco Syndicate in Assam) । চৰকাৰে ৰাজ্যত পূৰ্বৰে পৰা চলি থকা ছিণ্ডিকেট সমূহ উৎখাত কৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ লগতে ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে অভিযান অৱ্যাহত ৰাখিছে যদিও বৰ্তমানেও চলি আছে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে ধঁপাতৰ ছিণ্ডিকেট । শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পশ্চিম বংগৰ পৰা অসমলৈ গোপনে সৰবৰাহ হৈ আহিছে নিষিদ্ধ ধঁপাত । বিভিন্ন সূত্ৰৰ পৰা পোৱা এই তথ্যৰ ওপৰত ভিত্তি কৰি ধঁপাতৰ এই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ সষ্টম হৈছে আৰক্ষী । অৱশ্যে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই জব্দও কৰিছে নিষিদ্ধ ধঁপাত ।
শুকুৰবাৰেও এক গোপন সুত্ৰ পম খেদি আগমনি আৰক্ষীয়ে চলাইছিল এক অভিযান । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ধঁপাত । কৰ ফাঁকিৰে এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়ত বৃহৎ পৰিমানৰ ধঁপাতখিনি জব্দ কৰে আগমনি আৰক্ষীয়ে(Banned tobacco products seized in Dhubri) । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ- ১৭ চি / ২০২৪ । পিছে আগমনিত জব্দ কৰা কৰা ট্ৰাকখন নিয়ম অনুসৰি আৰক্ষীয়ে আগমনি থানাত ৰখাৰ পৰিৱৰ্তে থানাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ বেলগুৰি পেট্ৰল পাম্পত অতি গোপনে ৰখাৰ ব্যৱস্থা কৰে(Truck loaded with banned tobacco seized) । আগমনি আৰক্ষীৰ এনে ভূমিকাক লৈও বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত ।