অসম

assam

By

Published : May 30, 2023, 1:25 AM IST

ETV Bharat / state

Gold Loan company : ধুবুৰীত আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ পাঁচ কৰ্মচাৰীক আটক

ধুবুৰীৰ আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ ধন, সোণ লুটি মেনেজাৰৰ পলায়ন (Bank manager runaway with gold and money) ৷ এই খবৰ পাই হাহাকাৰ গ্ৰাহকৰ মাজত ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীটোৰ পাঁচ কৰ্মচাৰীক (Gold Loan company members detain in Dhubri) ৷

Gold Loan company
ধুবুৰীৰ আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰী, 29 মে’ : সোমবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল ধুবুৰীৰ আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ কাৰ্যালয় ৷ কিয়নো ধুবুৰীৰ একাংশ ৰাইজে জমা থোৱা ধন, সোণ লৈ কিছুদিন পূৰ্বে পলায়ন কৰে মেনেজাৰে (Bank manager runaway with gold and money) ৷ এই খবৰ বিয়পি পৰাৰ লগতে আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীটোৰ পৰা ঋণ লোৱা গ্ৰাহকৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি ।

বিৱৰণি অনুসৰি, হঠাৎ ফাইনেন্স কোম্পানীটোৰ মেনেজাৰৰ পলায়নৰ খবৰ পাই সোমবাৰে বিয়লি ঋণ লোৱা গ্ৰাহকে ভিৰ কৰেহি কাৰ্যালয়টোত ৷ তাৰ পাচত গ্ৰাহকে নিজৰ নিজৰ জমা থোৱা সোণ বিচাৰি হুলস্থূল কৰে কাৰ্যালটোত (Gold Loan company) ৷ ইফালে ফাইনেন্স কোম্পানীটোৰ কৰ্মচাৰীও বৰ্তমান সোণ ঘূৰাই দিব নোৱাৰো বুলি কোৱাত গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডাৰ ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰীৰ জিটিবি পথৰ বি ও চি মূৰত এটা কাৰ্যালয় খুলি সোণৰ বিপৰীতে ঋণ দিয়া আৰম্ভ কৰে কোম্পানীটোৱে । কোম্পানীটোৱে সোণ ৰখাৰ বিনিময়ত একো একোজন গ্ৰাহকক একৰ পৰা দহ/বাৰ লাখ টকালৈকে ঋণ দিয়ে ৷ এনেদৰেই চলি আছিল গোল্ড লোন কোম্পানীটো (Gold Loan in Dhubri)৷

কিন্তু সোমবাৰে হঠাৎ মেনেজাৰৰ পলায়নৰ খবৰ পোৱাৰ পিচতেই বিপাঙত পৰে গ্ৰাহকসকল ৷ তাৰ পাচতে নিজৰ জমা থোৱা সোণ ঘূৰাই বিচাৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে গ্ৰাহকে । আনকি হাতে হাতে টকা আৰু সমূহ নথি-পত্ৰ লৈ গ্ৰাহকে নিজৰ নিজৰ সোণ বিচাৰি যায় যদিও ফাইনেন্স কোম্পানীয়ে সোণ ঘূৰাই দিবলৈ অমান্তি হয় । ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

অভিযোগ অনুসৰি কাৰ্যালয়টোৰ পৰা কেইদিনমান পূৰ্বে টকা আৰু সোণ লৈ মেনেজাৰজনে পলায়ন কৰাৰ লেখিয়াকৈ কোম্পানীটোৰ বাকী কৰ্মচাৰীসকলে আজি পলায়নৰ চেষ্টা চলায় ৷ তেনে সময়তে একাংশ গ্ৰাহকে কাৰ্যালয়তে কোম্পানীটোৰ কৰ্মচাৰীসকলক আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ।

উক্ত খবৰৰ ভিত্তিতে ধুবুৰী সদৰ আৰক্ষী বিষয়া পাৰ্থ প্রতিম গগৈৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ মহিলা পাঁচজনকৈ কৰ্মচাৰীক আটক কৰি থানালৈ লৈ যায় (Gold Loan company members detain in Dhubri)। ইপিনে কাইলৈ পুৱা 9 বজাত ধৃত কৰ্মচাৰীসকলক কোম্পানীৰ কাৰ্যালয়লৈ নি আৰক্ষীৰ উপস্থিতিত গ্ৰাহকৰ সোণ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক :Bank manager runaway with gold: নকল সোণৰ বাবে চৰ্চিত লখিমপুৰত আচল সোণ লৈ অন্তৰ্ধান বেংকৰ বিষয়া

ABOUT THE AUTHOR

...view details