ধুবুৰী,৩ ফেব্ৰুৱাৰী :ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা প্ৰায় অৰ্ধ শতাধিক শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে (Water level of brahmaputra river went down)। প্ৰচণ্ড শীতৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত বিগত প্ৰায় ১২ দিনে আবদ্ধ হৈ থকা বাংলাদেশৰ প্ৰায় দুই শতাধিক জাহাজ চালক আৰু কৰ্মচাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত যোৱা কেইবাটাও বছৰ ধৰি ধুবুৰী জাহাজঘাটৰ পৰা বাংলাদেশলৈ শিল ৰপ্তানি কৰা হৈছে ।
ধুবুৰীৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ কুইণ্টল শিল নদী পথেৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে । বিপৰীতে ভাৰত আৰু অসম চৰকাৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু বিগত প্ৰায় ১৫ দিনে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে শিলৰ ৰপ্তানি । কাৰণ অস্বাভাৱিকভাৱে হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ (Rapid decline the water level of Brahmaputra)।
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদী পথত যাত্ৰীবাহী আৰু মালবাহী জাহাজৰ লগতে যন্ত্ৰ চালিত নাৱৰ চলাচলৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ ফলত নদী পথত বন্ধ হৈ পৰিছে সকলো ধৰণৰ জাহাজৰ চলাচল । তেনে সময়তে এমাহ পূৰ্বে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজঘাটত উপস্থিত হৈছিল শিল কঢ়িওৱা প্ৰায় অৰ্ধ শতাধিক মালবাহী জাহাজ । আটাইকেইখন জাহাজত শিল ভৰ্তি কৰাৰ পাছত বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰে যদিও জলস্তৰ হ্ৰাস হোৱাৰ ফলত ধুবুৰীৰ নদী পথৰ ভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে আবদ্ধ হৈ পৰিছে বাংলাদেশৰ মালবাহী জাহাজসমূহ (Bangladeshi ship stuck in Dhubri)।