ধুবুৰী, 18 মে’:ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে পশুধনৰ চোৰাং সৰবৰাহ(Cattle smuggling in Indo Bangla Border) ৷ সময়ে সময়ে সীমান্তৰক্ষী বাহিনীৰ তৎপৰতাত জব্দ কৰা হয় চোৰাংকৈ অনা পশুধনসমূহ ৷ এইবাৰ পিছে সীমান্তত পশুধনৰ চোৰাং ব্যৱসায়ত বাধা দিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ’ল বিএছএফৰ এগৰাকী জোৱান(Bangladeshi citizen attack on BSF jawan) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে দিনৰ প্ৰায় 2 বজাত ভাৰত-বাংলা সীমান্তৰ কালোনদীৰ ওপৰত থকা দলঙৰ তলেৰে চোৰাংকৈ একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা প্ৰত্যক্ষ কৰে মানকাচৰৰ দাসপাৰাস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানে ৷ জোৱানগৰাকীয়ে এই কাৰ্যত বাধা প্ৰদান কৰে যদিও তেওঁক আক্ৰমণ কৰে প্ৰায় 7 জনীয়া বাংলাদেশী নাগৰিকৰ এটা দলে ৷