অসম

assam

By

Published : Jan 15, 2021, 4:25 PM IST

ETV Bharat / state

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী

মানকাচৰত আটক বাংলাদেশী নাগৰিক ৷ বিগত তিনিবছৰে চোৰাং পশুধন সৰবৰাহত জড়িত আছিল আব্দুল খালেক নামৰ লোকজন ৷ আৰক্ষীৰ জেৰা অব্যাহত ৷

মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী
মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী

ধুবুৰী, 15 জানুৱাৰী :দক্ষিণ শালমৰা-মানকাচৰ জিলাত আটক হৈছে এগৰাকী বাংলাদেশী নাগৰিক ৷ বৃহস্পতিবাৰে নিশা মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক সন্তোষ কুমাৰ বৰ্মণৰ সহযোগত চলোৱা অভিযানত আটক হয় বাংলাদেশীজন ৷ মানকাচৰ থানাৰ অন্তৰ্গত সোণাপুৰ অঞ্চলৰ পৰা আটক কৰা হৈছে বাংলাদেশী লোকজনক ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, লোকজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত এলেকাৰ আব্দুল খালেক আৰু বয়স আনুমানিক 55 বছৰ ৷ প্ৰায় তিনিবছৰ ধৰি চোৰাং পশুধন সৰবৰাহৰ সৈতে লোকজন জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইতিমধ্যে আৰক্ষীয়ে লোকজনক অধিক তথ্যৰ বাবে জেৰা চলোৱাৰ লগতে শুকুৰবাৰে হাটশিঙিমাৰী ন্যায়িক আদালতত হাজিৰ কৰায় ৷

লগতে পঢ়ক :আনুষ্ঠানিকতা ৰক্ষা কৰি বৈদ্যবড়ীত গৰলীয়া ম’হৰ যুঁজ

ABOUT THE AUTHOR

...view details