অসম

assam

ETV Bharat / state

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং ম’হ জব্দ - bafalo-rescue-in-dhuburi

মংগলবাৰে বিটিএডিৰ কোকৰাঝাৰ পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়া সৌৰৱ গুপ্তাৰ নেতৃত্বত বগৰিবাৰী আৰু কাজিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই কোকৰাঝাৰ জিলাৰ খুটাবাগৰা অঞ্চলৰ পৰা ২৪ টাকৈ ম’হ সহ তিনিজনকৈ লোকক আটক কৰা হৈছে ৷

Bafalo rescue in dhuburi
আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং মহ জব্দ

By

Published : Feb 2, 2021, 9:59 PM IST

ধুবুৰী, 2 ফেব্ৰুৱাৰী :ৰাজ্যত সক্ৰীয় হৈছে গৰু-ম’হৰ চোৰাং ছিণ্ডিকেট চক্ৰ । বিশেষকৈ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সক্ৰীয় হৈ উঠিছে চোৰাং গৰু-ম’হৰ ছিণ্ডিকেট চক্ৰ । মংগলবাৰে বিটিএডিৰ কোকৰাঝাৰ পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়া সৌৰৱ গুপ্তাৰ নেতৃত্বত বগৰিবাৰী আৰু কাজিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই কোকৰাঝাৰ জিলাৰ খুটাবাগৰা অঞ্চলৰ পৰা ২৪ টাকৈ ম’হ সহ তিনিজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং মহ জব্দ

উল্লেখযোগ্য যে, বাংলাদেশলৈ চোৰাং ভাৱে নি থকা অৱস্থাতে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াই চোৰাং সৰবৰাহকাৰী তিনিজনক আটক কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানেও চোৰাং সৰবৰাহকাৰী তিনিজনক আৰক্ষীয়ে জেৰা চলাই আছে ৷ তিনিজন চোৰাং সৰবৰাহকাৰীৰ ভিতৰত অনোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰী জনক ইতিমধ্য গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং মহ জব্দ

আনহাতে, আৰক্ষীয়ে জব্দ কৰা ২৪ টা ম’হৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ।

বিগত সময়চোৱাত কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বিভিন্ন চৰাঞ্চলেৰে বাংলাদেশলৈ চালান দিয়া হৈছে এই পশুধন ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য ৷

উল্লেখ্য যে, নামনিৰ ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং ছিণ্ডিকেটৰ নায়ক বুলি চিহ্নিত হোৱা আদম আলীক ধুবুৰী আৰক্ষীয়ে দুবাৰকৈ গ্ৰেপ্তাৰ কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ এই বৃহৎ চোৰাং ছিণ্ডিকেটৰ সৈতে আৰু কোন কোন গো মাফিয়া জড়িত হৈ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অৱ্যহত ৰাখিছে ।

লগতে পঢ়ক :গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ABOUT THE AUTHOR

...view details