ধুবুৰী, 18 জানুৱাৰী:2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে কি হ’ব AIUDFৰ ৰাজনৈতিক সমীকৰণ ? কাৰণ কংগ্ৰেছে এৰিলেও AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে এৰিব বিচৰা নাই কংগ্ৰেছৰ লগ(Congress AIUDF alliance) ৷ কংগ্ৰেছৰ কান্ধত বন্দুক থৈ গুলী ফুটোৱাৰ অংক অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে(Badruddin Ajmal) ৷ বুধবাৰে ধুবুৰীত উপস্থিত হৈ AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে পুনৰ দোহাৰিলে কংগ্ৰেছৰে মিত্ৰতাৰ কথা ৷
2024ৰ লোকসভা নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে কুচকাৱাজ(Lok Sabha election 2024) ৷ তাৰ মাজতে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ প্ৰসংগ বাৰুকৈয়ে চৰ্চিত হৈ পৰিছে ৷ অৱশ্যে ইতিমধ্যেই AIUDFৰে কোনো কাৰণতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু আজমলে যেন নেৰে ৷
ধুবুৰীত AIDUFৰ সাংসদ বদৰুদ্দিন আজমলক কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় , ‘‘AIUDFৰে মিত্ৰতা নকৰিলে এইবাৰ কংগ্ৰেছ শূন্য হ’ব ৷ যদি মিত্ৰতা নকৰে তেন্তে কেইখন আসন পাব ? কলিয়াবৰ লোকসভা সমষ্টিয়ো কংগ্ৰেছৰ হাতৰ পৰা যাব(Badruddin Ajmal on alliance with congress) ৷’’
ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constitution delimitation) প্ৰসংগ উল্লেখ কৰি আজমলে কয়, ‘‘নতুনকৈ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ আছে সেই হিচাপে আমি দুখন আসন পাই আছোঁ ৷ মিত্ৰতা নকৰিলে নগাঁও হেৰুৱাব কংগ্ৰেছে ৷ কাৰণ আমি কলিয়াবৰ আৰু নগাঁও দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিম ৷’’