পশ্চিম বিলাসীপাৰা,22জানুৱাৰীঃ কংগ্ৰেছ, চিপিআই, চিপিএমৰ সৈতে মহাজোঁট গঠন কৰি AIUDF দলে বৃহস্পতিবাৰে পূব বিলাসীপাৰা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাই ৷ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলে অখিল গগৈক আৰু লুৰিণ জ্যোতি গগৈক মহাজোঁটত অংশীদাৰ হ’বলৈ আহ্বান জনায় । একেদৰে আজমলে সকলো CAA বিৰোধী শক্তি এক গোট হৈ বিজেপিক অসম তথা দিল্লীৰ পৰা বিদায় দিব বুলি হুংকাৰ প্ৰদান কৰে ।
ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ - ধুবুৰীৰ সাংসদ
বিজেপি,আৰএছ এছে মছজিদ ভাঙিলে সাম্প্ৰদায়িক নহয় ৷ তাৰ বিৰুদ্ধে মাত মাতিলে সাম্প্ৰদায়িক মন্তব্য হৈ পৰে ৷ এই মন্তব্য AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷
উল্লেখযোগ্য যে,বৃহস্পতিবাৰে বিয়লি বিলাসীপাৰাত AIUDF ৰ উদ্যোগত মাছানেৰ আলগা খেলপথাৰত এখন বিশাল জনসভা অনুষ্ঠিত হয় ৷ ২০১১ চনৰ নিৰ্বাচনত নিজৰ দলৰ অধীনত থকা সমষ্টিটো ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দখললৈ যায় ৷ সেই হেতুকে সমষ্টিটো পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে AIDUF এতিয়াৰে পৰা নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷ জন সভাখনত দলৰ বিভিন্ন পৰ্যায়ৰ নেতা, মহিলা মৰ্চাৰ নেত্ৰী মিনা দৈমাৰী, ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰিপুৰৰ বিধায়ক নিজানুৰ ৰহমান,জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন,জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম প্ৰমুখ্যে বহু কেন্দ্ৰীয় নেতা উপস্থিত থাকে ৷
লগতে পঢ়কঃ ধেমাজিত অসম জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী