ধুবুৰীত বদৰুদ্দিন আজমলৰ হেট্ৰিক - এ আই ইউ ডি এফ
তৃতীয় বাৰৰ বাবে দিল্লীলৈ আজমলৰ খোজ। নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ হেট্ৰিক মাৰিলে বদৰুদ্দিন আজমলে। ২২,৬২৫৮ টা ভোটৰ ব্যৱধানত আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় ।

ধুবুৰী,24মে': ধুবুৰীত অক্ষত আজমলৰ দুৰ্গ ৷ নিৰ্বাচনৰ পূৰ্বেই দাবী কৰা অনুসৰি এইবাৰ ধুবুৰী লোকসভাৰ পৰা হেট্ৰিক মাৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। নিশা দুই মান বজাত ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত ধুবুৰী জিলা উপায়ুক্ত তথা ধুবুৰী লোকসভাৰ ৰিটাৰ্ণিং বিষয়া অনন্তলাল জ্ঞানীয়ে ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক আনুষ্ঠানিক ভাৱে বিজয়ী ঘোষণা কৰে। ফলাফল অনুসৰি বদৰুদ্দিন আজমলে সৰ্বমুঠ ৭,১৮৭৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে লাভ কৰে ৪,৯২৫০৬ টা ভোট। আনহাতে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰে ৩,৯৯৭৩৩ টা ভোট। উল্লেখ্য যে ২,২৬২৫৮ টা ভোটৰ ব্যৱধানত আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়। আনহাতে ফলাফল ঘোষণাৰ পাচতেই সাংসদ বদৰুদ্দিন আজমলে ভোট গণনা কেন্দ্ৰত উপস্থিত থকা পৰ্যবেক্ষক আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে মিলিত হয় ৷