অসম

assam

ETV Bharat / state

বানৰ কবলত মানকাচৰৰ বিস্তীৰ্ণ অঞ্চল

হঠাৎ বানৰ কবলত পৰিল মানকাচৰৰ বৃহত্তৰ অঞ্চলৰ কেইবাখনো গাঁও । এখন কাঠৰ দলঙৰ প্ৰতিও আহিছে চৰম ভাবুকি ৷

বানৰ কবলত মানকাচৰৰ বৃহত্তৰ অঞ্চল

By

Published : Jun 29, 2019, 9:57 AM IST

ধুবুৰী, 29 জুনঃ দক্ষিণ শালমাৰা মানকাচৰ সমষ্টিৰ কালাপানীৰ বৃহত্তম অঞ্চল‌ জলমগ্ন । নেৰা-নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে কেইবাখনো গাওঁ জলমগ্ন কৰে কালাপানী বৃহত্তৰ অঞ্চলৰ । বাঢ়নী পানীৰ ফলত কালাপানী-বয়শাবাড়ী সংযোগী কাঠৰ দলংখনলৈও আহিছে চৰম ভাবুকি ।

বানৰ কবলত মানকাচৰৰ বৃহত্তৰ অঞ্চল


ইপিনে কালাপানী আৰক্ষী চকীৰ মাজেৰে পানীয়ে গতি কৰাত আৰক্ষীৰ লগতে জোৱান সকলৰ থকা খোৱাৰ অসুবিধা হৈছে বুলিও উল্লেখ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷ উল্লেখযোগ্য যে, এনেদৰেই পানী বৃদ্ধি হৈ থাকিলে যিকোনো মুহূৰ্ততে কালাপানী-বয়শাবাড়ী সংযোগী দলঙৰ লগতে অঞ্চলটো ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে ৷

আৰু পঢ়কঃ দেৰগাঁৱত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details