ধুবুৰী, 14 জানুৱাৰী:মঙলবাৰে ধুবুৰীত উপস্থিত হ'ল সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । সাংসদগৰাকীয়ে আজমল ফাউণ্ডেচনৰ দুখনকৈ পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশিক্ষণপ্ৰাপ্ত যুৱতী-মহিলাক চিলাই মেচিন বিতৰণ কৰাৰ লগতে দহখনকৈ নাওঁ আৰু মাছ ধৰা জাল বিতৰণ কৰে মাছমৰীয়া হিতাধিকাৰীৰ মাজত । দৰাচলতে ইছা ফাউণ্ডেচনৰ ফালৰ পৰা আজমল ফাউণ্ডেচনৰ সহযোগত চৰকাৰী আঁচনিৰ অধীনত স্কিল ডেভেলপমেণ্টৰ দ্বাৰা ন-মহীয়া শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে ।
দশম শ্ৰেণী উত্তীৰ্ণ নোহোৱা যুৱতী-মহিলাসকলক ছমহীয়া পাঠদানৰ লগতে পৰীক্ষা সম্পন্ন কৰা আৰু তিনি মহীয়াকৈ চিলাই মেচিনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ছমহীয়া শিক্ষাগ্ৰহণ কৰি দশম শ্ৰেণী উত্তীৰ্ণ হবলৈ সক্ষম হোৱাৰ লগতে প্ৰশিক্ষণত সফলতা লাভ কৰা মুঠ ৯৮ গৰাকী যুৱতী-মহিলাৰ মাজত মঙলবাৰে আজমল ফাউণ্ডেচনৰ ন্যাস সাংসদ বদৰুদ্দিন আজমল আৰু ধুবুৰীৰ বিধায়ক নজৰুল হকৰ উপস্থিতিত আজমল ফাউণ্ডেচনৰ ফালৰ পৰা এটাকৈ চিলাই মেচিন আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ।