ধুবুৰী, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে ধুবুৰী জিলালৈ ৷ ধুবুৰীৰ অৱন্তী ৰয় নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত সপ্তম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ধুবুৰীৰ 18 নং ৱাৰ্ডৰ বাসিন্দা বিমান ৰয় আৰু উজ্বলা ৰয়ৰ কন্যা অৱন্তীয়ে কলা শাখাত মুঠ ৪৬৯ নম্বৰ লাভ সপ্তম স্থান দখল কৰে ৷
কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয় - 7th position in arts
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সপ্তম স্থান দখলেৰে ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে, ভোলানাথ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী অৱন্তী ৰয়ে ৷ ছাত্ৰী গৰাকীয়ে কলা শাখাত লাভ কৰিছে সৰ্বমুঠ ৪৬৯ নম্বৰ ৷
![কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয় avanti roy from dhubri secured 7th position in arts](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7762555-192-7762555-1593074556865.jpg)
avanti roy from dhubri secured 7th position in arts
কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয়
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰাখিছে ৷ অৱন্তীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ ধুবুৰীবাসীক ৷
লগতে পঢ়কঃকন্যাৰ সফলতাই আৱগিক কৰি তুলিলে পিতৃক