অসম

assam

ETV Bharat / state

আত্যাত্তিয়ে আগবঢ়ালে 20 টা অক্সিজেন কনচেনট্ৰেটৰ - atyati

বাংগালুৰুৰ আত্যাত্তি নামৰ এটা বেচৰকাৰী সংস্থাই অক্সিজেনৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ 20 টা অক্সিজেন কনচেনট্ৰেটৰ (Oxygen concentrator) আগবঢ়ায় ৷ পূব বিলাসীপাৰাৰ বিধায়ক আৰু বিলাসীপাৰাৰ মহকুমাধিপতিৰ উপস্থিতিত সংস্থাটোৰ ক্ষেত্ৰীয় প্ৰৱন্ধক আব্দুল হুমায়ুন কবী শ্বেখে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ হাতত অত্যাধুনিক কনচেনট্ৰেটৰ কেইটা অৰ্পন কৰে ৷

Atyati offers oxygen consentrator to bilasipara Hospital
আত্যাত্তিয়ে আগবঢ়ালে 20 অক্সিজেন কনচেনট্ৰেটৰ

By

Published : Jun 27, 2021, 12:02 PM IST

পশ্চিম বিলাসীপাৰা, 27 জুন : বাংগালুৰুৰ এটা সেচ্ছাসেৱী সংগঠনৰ প্ৰসংশনীয় পদক্ষেপ ৷ আত্যাত্তি (Atyati) নামৰ এটা বেচৰকাৰী সংস্থাই অক্সিজেনৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ 20 টা অক্সিজেন কনচেনট্ৰেটৰ (Oxygen Consentrator) আগবঢ়ায় ৷ পূব বিলাসীপাৰাৰ বিধায়ক আৰু বিলাসীপাৰাৰ মহকুমাধিপতিৰ উপস্থিতিত সংস্থাটোৰ ক্ষেত্ৰীয় প্ৰৱন্ধক আব্দুল হুমায়ুন কবী শ্বেখে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াৰ হাতত অত্যাধুনিক কনচেনট্ৰেটৰ কেইটা অৰ্পন কৰে ৷ বাংগালুৰুস্থিত আত্যাত্তিৰ মুখ্য কাৰ্যালয়ৰ অসম শাখাই প্ৰদান কৰে এই 12 লাখ টকা মূল্যৰ অক্সিজেন কনচেনট্ৰেটৰ কেইটা ৷

আত্যাত্তিয়ে আগবঢ়ালে 20 অক্সিজেন কনচেনট্ৰেটৰ

এইফালে, অতি কম সময়ৰ ভিতৰত অধিক পৰিমানৰ অক্সিজেন উৎপাদন কৰিব পৰা এই যন্ত্ৰ কেইটাই ক'ভিড আক্ৰান্ত ৰোগীক সকাহ দিব বুলি চিকিৎসা বিষয়া গৰাকীয়ে মন্তব্য কৰে ৷ বেচৰকাৰী সংস্থাটোৱে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে ৷ এই কনচেনট্ৰেটৰ কেইটাই ক'ভিড ৰোগীসকলৰ ক্ষেত্ৰত দেখা দিয়া অক্সিজেনৰ অভাৱ বহু পৰিমানে কম কৰিব বুলিও মত প্ৰকাশ কৰিছে পূব বিলাসীপাৰাৰ বিধায়ক ছামচুল হুদাই (Samsul Huda) ৷

আত্যাত্তিয়ে আগবঢ়ালে 20 অক্সিজেন কনচেনট্ৰেটৰ

উল্লেখ্য যে, সমগ্ৰ দেশতে ক'ভিড-19 মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছিল ৷ অক্সিজেনৰ অভাৱৰ ফলত ক'ভিড ৰোগীসকলৰ জীৱন ক্ৰমাৎ ভয়াৱহতাৰ দিশে গতি কৰিছিল ৷

ভাৰতত এদিনত অক্সিজেনৰ চাহিদা হৈছে 2,000 মেট্ৰিক টন । কিন্তু, প্ৰতিদিনে দেশত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত অক্সিজেনৰ অভাৱ ঘটাত ৰাজধানী চহৰ দিল্লী আৰু মায়ানগৰী মুম্বাইত বিশেষভাৱে হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমান ৷ বিভিন্ন সময়ত বিভিন্ন দেশে ভাৰতলৈ অক্সিজেন প্ৰেৰণ কৰাৰ লগতে অক্সিজেনৰ সৰ্বাধিক নাটনিৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানেও ভাৰতলৈ যোগান ধৰিছিল অক্সিজেন ৷

লগতে পঢ়ক:অসম চৰকাৰলৈ ক'ভিড সাহায্য আমেৰিকাৰ চিকিৎসক সন্থাৰ

ABOUT THE AUTHOR

...view details