অসম

assam

ETV Bharat / state

কোৱাৰেণ্টাইন চেণ্টাৰত চোৰাংকৈ নিচাজাতীয় সামগ্ৰী যোগান - ৰঙামাটি কোৱাৰেন্টাইন কেন্দ্ৰ

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ ৰঙামাটিত স্থাপন কৰা হৈছে জিলাখনৰ ভিতৰত বৃহত্তম কোৱাৰেন্টাইন কেন্দ্ৰ ৷ কেন্দ্ৰটোত থকা একাংশ লোকক বাহিৰৰ পৰা যোগান ধৰা হয় বিড়ি, চিগাৰেট, গুটখা আদি নিচাযুক্ত সামগ্ৰী । কোৱাৰেন্টাইন কেন্দ্ৰৰ ভিতৰৰ লোকৰ সংস্পৰ্শলৈ অহা এইসকল ব্যৱসায়ীয়ে কিন্তু চাপৰ-ৰঙামাটি অঞ্চলত মুক্ত বিচৰণ কৰি আছে ।

At the Rangamati Quarantine Center drugs smuggling
কোৱাৰেণ্টাইন চেণ্টাৰত চোৰাংকৈ নিচাজাতীয় সামগ্ৰী যোগান

By

Published : Jun 23, 2020, 6:02 PM IST

ৰঙামাটি, 23 জুনঃৰাজ্যৰ এটা কোৱাৰেন্টাইন কেন্দ্ৰত বাহিৰৰ পৰা যোগান ধৰা হয় নিচাজাতীয় সামগ্ৰী ৷ কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা একাংশ লোকক বাহিৰৰ একাংশ লোকে যোগান ধৰে বিড়ি,চাধা,চিগাৰেট, গুটখা আদি । ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ ৰঙামাটিত স্থাপন কৰা হৈছে জিলাখনৰ ভিতৰত বৃহত্তম কোৱাৰেন্টাইন কেন্দ্ৰটো । এই কেন্দ্ৰটোত বহিঃৰাজ্যৰ পৰা অহা প্ৰায় ৪০০ লোকক কোৱাৰেন্টাইন কৰা হৈছে ৷ একমাত্ৰ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে নিজ ঘৰখনক এৰি চৰকাৰৰ নীতি নিৰ্দেশনা মানি কোৱাৰেন্টাইন কেন্দ্ৰটোত দিন কটাইছে এই শ শ লোকে ৷ তাৰ মাজৰে একাংশই কোৱাৰেন্টাইন কেন্দ্ৰটোত চলাইছে নিচাৰ আড্ডা ৷

কোৱাৰেণ্টাইন চেণ্টাৰত চোৰাংকৈ নিচাজাতীয় সামগ্ৰী যোগান

এই কাৰ্যত হাত উজান দিছে অঞ্চলটোৰ একাংশ লোকে । স্থানীয় লোকৰ ভাষ্য অনুসৰি, কেন্দ্ৰটোত থকা একাংশ লোকক বাহিৰৰ পৰা যোগান ধৰা হয় বিড়ি, চিগাৰেট, গুটখা আদি নিচাযুক্ত সামগ্ৰী । কোৱাৰেন্টাইন কেন্দ্ৰৰ ভিতৰৰ লোকৰ সংস্পৰ্শলৈ অহা এইসকল ব্যৱসায়ীয়ে কিন্তু চাপৰ-ৰঙামাটি অঞ্চলত মুক্ত বিচৰণ কৰি আছে । ইফালে এই ক্ষেত্ৰত প্ৰশাসনৰ তিলমানো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃআছুকৰ্মীয়ে ঘেৰাও কৰিলে ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

উল্লেখ্য যে, কোৱাৰেন্টাইনত থকা লোকসকলৰ আধৰুৱা খাদ্য, ব্যৱহৃত বিভিন্ন সামগ্ৰী জনবসতিপূৰ্ণ খুটাপাৰা অঞ্চলত নিষ্কাশন কৰি আহিছে । ক্ৰমান্নয়ে বিপদৰ দিশে ধাৱমান হৈছে অঞ্চলবাসীৰ জীৱন ৷ ফলত ইয়াক লৈ শংকিত হৈ পৰিছে গাঁওবাসী । এতিয়া প্ৰশ্ন হয় কিমান সচেতন কোৱাৰেন্টাইন কেন্দ্ৰৰ দায়িত্বত থকা লোকসকল ৷ কেৱল মাস্ক পৰিধান কৰিয়েই নিজৰ দায়িত্ব সামৰিছে ধুবুৰী জিলা প্ৰশাসনে ৷ এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাচত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details