অসম

assam

ETV Bharat / state

শিলাদিত্যৰ বিতৰ্কিত মন্তব্যঃ ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল

ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল । পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাপ্ৰাপ্ত প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিককলৈ বিধায়ক শিলাদিত্যই কৰা কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এই সংবাদমেল । তীব্ৰ গৰিহণা অসম সাহিত্য সভাৰ ।

ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল
ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল

By

Published : Aug 12, 2020, 5:32 PM IST

ধুবুৰী, 12 আগষ্টঃ বুধধাৰে ধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ৷ প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকক লৈ বিজেপিৰ বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য কৰাৰ পাচত তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ এই সংবাদমেলৰ সম্বোধন কৰা হয় ৷

সংবাদমেলত অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি দীপক পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলখনত ডঃ শৰ্মাই কয়, -"আমাৰ জাতীয় জীৱনৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰাণস্বৰূপ আৰু যাক আমি অসমীয়া ভাষা সাহিত্যৰ মালিক বুলি প্ৰতিনিধিত্ব কৰি আহিছোঁ ৷ সেই গৰাকী মহান ব্যক্তিক বৌদ্ধিক জেহাদী বুলি কৈ আমাৰ জাতীয় জীৱনত কুঠাৰাঘাত কৰিলে ৷" লগতে ড৹ শৰ্মাই কয় যে, "প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিক আমাৰ অসমীয়া জাতীয় জীৱনৰ এনেকুৱা শক্তি যিগৰাকী ব্যক্তিয়ে সমগ্ৰ জীৱন শিক্ষা সাধনাৰে আমাৰ মানৱ সম্পদ বৃদ্ধি কৰিছিলে ৷ যি গৰাকী ব্যক্তিয়ে অসমৰ জাতীয় জীৱনৰ ভাষা সাহিত্য সংস্কৃতিত অৰিহণা যোগাইছিলে ৷ যি গৰাকী সাহিত্যিকে পচিশ খন গল্প সংকলন, পঞ্চাশ খন উপন্যাস সংকলন, পাঁচখন কবিতা সংকলন, তিনিখন শিশু পুথি, বিশখন অনাতাঁৰ নাটেৰে আৰু সহস্ৰাধিক প্ৰবন্ধৰে আমাৰ জাতীয় জীৱন সম্পৃক্ত কৰিছিলে, যিগৰাকী ব্যক্তিক অসম উপত্যকা বঁটা লাভ কৰিছিলে, শংকৰদেৱ বঁটা লাভ কৰিছিলে, অঘৰী আত্মা কাহিনীৰ সেই বিখ্যাত উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু যি গৰাকী সাহিত্যিকে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা লাভ কৰি অসমীয়া জাতীয় জীৱনক অলংকৃত কৰিছিলে, সেই গৰাকী মহান ব্যক্তিক বৌদ্ধিক জেহাদী বুলি এজন ৰাজনৈতিক নেতাই কুঠাৰাঘাত কৰাৰ পিছতেই আজি জাতীয় জীৱন শংকিত হৈ পৰিছে ৷"

ধুবুৰীত অসম সাহিত্য সভাৰ সংবাদমেল

কিন্তু ইয়াৰ পিছতো অসম চৰকাৰৰ ফালৰ পৰা আজিলৈ বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰা হয় সংবাদমেলত ৷ এই কাৰ্যক অসম সাহিত্য সভাৰ ফালৰ পৰা আজিৰ সংবাদমেলৰ জৰিয়তে সজোৰে প্ৰতিবাদ জনায় ৷ আনহাতে জাতীয় জীৱনত আউল লগোৱাৰ প্ৰচেষ্টা চলোৱা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে অসম সাহিত্য সভাই ৷ ইপিনে পৰৱৰ্তী সময়ত যাতে কোনো বৰেণ্য ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা মন্তব্য কোনেও কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য কৰি এখন বিশেষ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় অসম সাহিত্য সভাই ৷

ইপিনে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা নহ'লে অনাগত দিনত প্ৰয়োজনত অসম সাহিত্য সভাৰ উদ্যোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ধুবুৰী জিলা সাহিত্যি সভাৰ সভাপতি তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ৷

লগতে পঢ়কঃচিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

ABOUT THE AUTHOR

...view details