অসম

assam

ETV Bharat / state

আৰক্ষীৰ গুলীচালনাৰ বাবেই পথ দূৰ্ঘটনাঃ নিহত দুজন - নিহত দুজন লোক

বিলাসীপাৰাৰ মাছপাৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মুখামুখু সংঘৰ্ষৰ ফলত থিতাতে নিহত দুজন লোক ৷ উল্লেখ্য যে, বিলাসীপাৰা আৰক্ষীয়ে এখন 407 ট্ৰাকৰ উদ্দেশ্যে গুলিচালনা কৰাৰ ফলত সংঘঠিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটো ।

বিলাসীপাৰাত আৰক্ষীয়ে ট্ৰাকৰ উদ্দেশ্যে গুলিচালনা

By

Published : Aug 3, 2019, 7:21 PM IST


ধুবুৰী, 3 জুলাইঃ ধুবুৰীৰ বিলাসীপাৰাৰ মাছপাৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মুখামুখু সংঘৰ্ষৰ ফলত থিতাতে নিহত দুজন লোক ৷

বিলাসীপাৰাত আৰক্ষীয়ে ট্ৰাকৰ উদ্দেশ্যে গুলিচালনা


উল্লেখ্য যে, বিলাসীপাৰা আৰক্ষীয়ে এখন 407 ট্ৰাকৰ উদ্দেশ্যে গুলিচালনা কৰাৰ ফলত সংঘঠিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটো । 407 ট্ৰাকখনৰ নম্বৰ আছিল As 01 JC 8486 ট্ৰাকখনত আৰক্ষীয়ে গুলিচালনা কৰাৰ ফলত তীব্ৰ বেগত As 19 B 1162 নম্বৰ বাইক খনক খুন্দিয়াই ৷ ফলত থিতাতে এজন বাইক আৰোহি লগতে আনজন লোক নৈত চিতিকি পৰে ৷ ঘটনাস্থলীত আৰক্ষী, প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আৰক্ষীৰ গুলি চালনাক কেন্দ্ৰকৰি উত্তেজিত জনতাই ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে ৷ ৰাইজে অসম পুলিচ মুৰ্দাবাদ বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ । উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হয় শ- শ যানবাহন । ঘটনা স্থলীত জিলা আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ সঠিক তদন্তৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় । কি কাৰণত বিলাসীপাৰা আৰক্ষীয়ে ট্ৰাকখনৰ চালকক গুলি চালনা কৰিছিল, ঘটনাটো উচ্চ পৰ্যায়ৰ তদন্তৰ পিছত পোহৰলৈ আহিব ।

ABOUT THE AUTHOR

...view details