অসম

assam

ETV Bharat / state

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা

পশ্চিমবংগত গুলীচালনা কৰিবলগা হয় অসম আৰক্ষীয়ে ৷ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ স্থানীয় ৰাইজেৰে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ পাছতে শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে ৷

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা

By

Published : Aug 2, 2019, 9:16 PM IST

ধুবুৰী, 2 আগষ্ট : পশ্চিমবংগৰ বক্সিৰহাটৰ গো হাটত আব্দুল জব্বাৰ বেপাৰী নামৰ চোৰাং গৰু বেপাৰী এটাক গ্ৰেপ্তাৰ কৰিবলৈ গৈ গুলীচালনা কৰে অসম আৰক্ষীয়ে ৷ উল্লেখ্য যে, চোৰাং বেপাৰীটোৱে আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পাছতে পশ্চিমবংগত উপস্থিত হয় ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞা ৷ কোচবিহাৰ আৰক্ষীৰ সহায়ত গো হাটত উপস্থিত হৈ আব্দুল জব্বাৰক গ্ৰেপ্তাৰ কৰাৰ সময়তে একাংশ উত্তেজিত ৰাইজে আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত শূন্যলৈ গুলীচালনা কৰি উপস্থিত ৰাইজক ছত্ৰভংগ দিয়ে আৰক্ষীয়ে ৷

পশ্চিমবংগত অসম আৰক্ষীৰ গুলিচালনা

উল্লেখ্য যে, যোৱা এটা মাহত তিনি শতাধিক চোৰাং গৰু জব্দ কৰাৰ লগতে 16 টাকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এই ঘটনাত আহত হয় প্ৰকাশ দাস নামৰ এজন আৰক্ষী জোৱান ৷ সম্প্ৰতি চোৰাং বেপাৰীটোক গৌৰীপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে ৷ এই ঘটনাৰ কথা জানিব পাৰি বৰ্তমান আন বহুকেইটা বেপাৰীয়ে গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details