ধুবুৰী, 1 অক্টোবৰ: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধুবুৰীতো অসম আৰক্ষী দিৱস উদযাপন ৷ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ধুবুৰী আৰক্ষী চাউনীত আৰক্ষীসকলে উদযাপন কৰিলে তেওঁলোকৰ বাবে উসৰ্গিত এই বিশেষ দিন ৷ অনুষ্ঠানত প্ৰদৰ্শিত হ'ল কাৰাটে ডু আৰু শৰীৰ চৰ্চাৰ ভিন্ন অনুষ্ঠান ৷ ইয়াৰ ওপৰিও ধুবুৰীৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আত্মৰক্ষাৰ কিছুমান বিশেষ কলা প্ৰদৰ্শন কৰি উপস্থিত লোকসকলক আপ্লুত কৰি তোলে ৷
অসম আৰক্ষী দিৱসত আত্মৰক্ষাৰ কলা প্ৰদৰ্শন ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ - আনন্দ মিশ্ৰ
ধুবুৰীত অসম আৰক্ষী দিৱস উদযাপন ৷ ধুবুৰী আৰক্ষী চাউনীত নানান কাৰ্যসূচীৰ মাজেৰে অসম আৰক্ষীয়ে পালন কৰিলে এই বিশেষ দিন ৷ মঞ্চত প্ৰদৰ্শিত কাৰাটে ডু আৰু শৰীৰ চৰ্চা ৷ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ আত্মৰক্ষাৰ কলা প্ৰদৰ্শন ৷
ধুবুৰীত অসম আৰক্ষী দিৱস উদযাপন
ধুবুৰী আৰক্ষী চাউনীত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপনৰ লগতে এপাচিকৈ ফল মূলেৰে শুভেচ্ছা জ্ঞাপন কৰা হয় ৷ কাৰাটে ডু প্ৰদৰ্শন তথা শৰীৰ চৰ্চা প্ৰদৰ্শন কাৰ্যসূচীৰ পাছতেই জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী আৰক্ষী চাউনিৰ পৰা আৰক্ষী আৰু বাইক ৰাইডাৰ্চৰ এক মটৰ চাইকেল ৰেলি আৰম্ভ হয় ৷
লগতে পঢ়ক:মালিগাঁৱত সুৰাপায়ী ৰে'ল আৰক্ষীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা