অসম

assam

ETV Bharat / state

চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিকঃ শ্ৰম বিভাগৰ তলব - যৌথ অভিযান

অভিযন্তা গৰাকীক কাইলৈ কিশোৰ গৰাকীক লৈ অভিযানকাৰী দলটোৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাই । শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

চৰকাৰী বিষয়াৰ আৱাসত আৰক্ষীৰ তালাচী

By

Published : May 8, 2019, 11:11 PM IST

ধুবুৰী, ৮ মেঃ ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম আৰু সমাজ কল্যাণ বিভাগৰ যৌথ অভিযান। অভিযানত পোন্ধৰ বছৰীয়া কিশোৰ উদ্ধাৰ আৰক্ষীৰ।

চৰকাৰী বিষয়াৰ আৱাসত আৰক্ষীৰ তালাচী

উল্লেখ্য যে,ধুবুৰী জিলা গড়কপ্তানী (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা দিলীপ শৰ্মাৰ আৱাসত বিগত চাৰি পাঁচ মাহ মান পূৰ্বে এগৰাকী কিশোৰক ৰন্ধা বঢ়া কাম কৰাৰ বাবে এজন কিশোৰক গুৱাহাটীৰ পৰা আনিছিল। এই তথ্য শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগ আৰু শিশু সুৰক্ষা সমিতিয়ে লাভ কৰাৰ পিছতেই অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ গৰাকীক। লগতে অভিযন্তা দিলীপ শৰ্মাক কাইলৈ কিশোৰজনক লৈ অভিযানকাৰী দলটোৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষাই। আনহাতে দিলীপ শৰ্মাই নিজৰ ভতিজা তথা আত্মীয় বুলি দাবী কৰিলেও কিশোৰজনে সেয়া কিন্তু অস্বীকাৰ কৰিছে শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিষয়াৰ আগত । এতিয়া শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

অধিক পঢ়িবলৈ-কলিয়াবৰত আটক ছয় গৰু চোৰ

ABOUT THE AUTHOR

...view details