ধুবুৰী, 25 ছেপ্টেম্বৰঃ ধুবুৰীত উপস্থিত অসম বিধান সভাৰ বিধায়িনী দলৰ প্ৰতিনিধি ৷ গুৰুত্বপূৰ্ণ চাৰিটা বিভাগৰ কাম কাজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত ৷ অসম বিধান সভাৰ আৱন্টন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত গৈছিল পাঁচ জনীয়া বিধায়িনী দলটো ৷ এই বিধায়িনী দলটোত আছিল ধিঙৰ বিধায়ক অমিনুল ইছলাম, কলাইগাঁওৰ বিধায়ক মহেশ্বৰ বড়ো, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুচেইন ছিকদাৰ আৰু ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ লগতে কেইবাজনো বিষয়া ৷ বিধায়িনী দলটোৱে জিলা খনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গড়কপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বুজ লৈ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে । ইয়াৰ পাচতেই ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উক্ত বিভাগ কেইটাৰ সৈতে জড়িত থকা বিভাগীয় বিষয়া অভিযন্তা সকলক লৈ এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় । এই সভাতে বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতি সম্পৰ্কে মত বিনিময় কৰে বিধায়িনী দলটোৱে ৷
ধুবুৰীত উন্নয়নৰ ক্ষেত্ৰ ভিত্তিক তদন্ত বিধায়িনী দলৰ প্ৰতিনিধিৰ - সমাজকল্যাণ বিভাগ
অসম বিধান সভাৰ আৱন্টন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত যোৱা পাঁচ জনীয়া বিধায়িনী দল ধুবুৰীত উপস্থিত হৈ জিলা খনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গড়কাপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বুজ লৈ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে ৷
ইপিনে ক্ষেত্ৰ ভিত্তিক তদন্ত কৰাৰ পাচত সংবাদ মাধ্যমত মুখ খুলিব নোৱাৰে বুলি কৈ উল্লেখিত চাৰিটা বিভাগৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰে অধ্যক্ষ বৃন্দাবন গোস্বামীয়ে । উল্লেখযোগ্য যে, ক্ষেত্ৰ ভিত্তিক তদন্তৰ প্ৰতিবেদন অসম বিধান সভাৰ অধিৱেশনত দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে বৃন্দাৱন গোস্বামীয়ে ৷
আনফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক খনৰ বিৰোধীতা কৰিছো বুলিও উল্লেখ কৰে অগপ নেতা গৰাকীয়ে ।
মন কৰিব লগীয়া যে , কেইদিনমান পূৰ্বে অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ধুবুৰীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কক অগপ দলে আলোচনাৰ মাজেৰে সমৰ্থন কৰিব বুলি উল্লেখ কৰিছিল । তেনে পৰিস্থিতিত বৃন্দাবন গোস্বামীয়ে কেবক বিৰোধীতা কৰা বুলি মন্তব্য কৰাটোৱে অগপৰ নিজৰ মাজতে যে এই সন্দৰ্ভত অন্ত কন্দল আছে সেই কথা স্পষ্ট কৰি দিছে