অসম

assam

ETV Bharat / state

অসম মিঞা পৰিষদে গঠন কৰিব নতুন ৰাজনৈতিক দল - অসম মিঞা পৰিষদৰ সংবাদমেল

দেওবাৰে ধুবুৰীৰ গৌৰীপুৰত অসম মিঞা পৰিষদৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলযোগে নতুন ৰাজনৈতিক চিন্তা সন্দৰ্ভত মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক আব্দুল বাতেনে ৷

Assam Mia Parisad pressmeet
অসম মিঞা পৰিষদৰ সংবাদমেল

By

Published : Sep 27, 2020, 8:41 PM IST

ধুবুৰী, 27 ছেপ্তেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ন ন ৰাজনৈতিক দলৰ জন্ম হোৱা দেখা গৈছে ৷ এই সময়ছোৱাতে দেওবাৰে অসম মিঞা পৰিষদে ধুবুৰীৰ গৌৰীপুৰত এক সংবাদমেলযোগে নতুনকৈ ৰাজনৈতিক চিন্তা-চৰ্চা আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

সংবাদমেলত মিঞা পৰিষদৰ কেন্দ্ৰীয় সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনে কয় যে,‘‘স্বাধীনতাৰ পাচৰে পৰা মিঞা জনগোষ্ঠীৰ লোকসকলক বঞ্চনা কৰি অহা হৈছে । সেয়েহে নিৰ্বাচনৰ পূৰ্বে সকলো জাতীয়তাবাদী সংগঠনসমূহক একত্ৰিত হৈ এটা ৰাজনৈতিক দল খোলাৰ বাবে অসম মিঞা পৰিষদে আহ্বান জনাইছে’’ ।

অসম মিঞা পৰিষদৰ সংবাদমেল

ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি জাতীয়তাবাদী সংগঠনৰ সৈতে মিঞা পৰিষদৰ আলোচনা হৈ আছে ৷ যদি সন্মান সহকাৰে মিঞা পৰিষদক স্থান দিয়া নহয় তেন্তে প্ৰয়োজনত মিঞা পৰিষদে এক নতুন ৰাজনৈতিক দল গঠন কৰিব বুলি কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক:বিশ্ব পৰ্যটন দিৱস: মৃতপ্ৰায় পৰ্যটন ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details