অসম

assam

ETV Bharat / state

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ - DHUBRI

শীঘ্ৰেই কাগজ কল দুখন পুনৰুজ্জীৱিত কৰাৰ লগত ২৭ মাহৰ দৰমহা মোকোলাই দি চি পি (আই) এমে ভুক্তভোগী পৰিয়াল বোৰৰ যাৱতীয় খৰচ আৰু তেওঁলোকৰ সন্তানৰ লিখা পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ দাবী উত্থাপন কৰে লগতে দাবী সমূহ লিপিবদ্ধ কৰি উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ

By

Published : May 16, 2019, 7:25 PM IST

ধুবুৰী, 16 মেঃ ধুবুৰীত চি পি (আই) এমৰ প্ৰতিবাদ । জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে তিনি দফীয়া দাবীত 2 ঘন্টীয়া প্ৰতিবাদ চি পি (আই) এমৰ । জাগীৰোডৰ হিন্দুস্থান কাগজ নিগম আৰু কাছাৰৰ পাঁচ গ্ৰামত থকা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

দৰাচলতে, ২০১৫ চনত কাছাৰৰ পাঁচ গ্ৰামত থকা কাগজ কল বন্ধ হোৱাৰ বিপৰীতে ২০১৭ চনত বন্ধ হয় জাগীৰোডত অৱস্থিত হিন্দুস্থান কাগজ নিগম। সেই সময়ৰ পৰা দুয়োখন কাগজকলৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত থকা হাজাৰ হাজাৰ কৰ্মচাৰীকে ধৰি প্ৰায় দুই লক্ষাধিক লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ আহিছে৷

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ

সেয়ে শীঘ্ৰেই কাগজ কল দুখন পুনৰুজ্জীৱিত কৰাৰ লগত ২৭ মাহৰ দৰমহা মোকোলাই দি চি পি (আই) এমে ভুক্তভোগী পৰিয়াল বোৰৰ যাৱতীয় খৰচ আৰু তেওঁলোকৰ সন্তানৰ লিখা পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ দাবী উত্থাপন কৰে লগতে দাবী সমূহ লিপিবদ্ধ কৰি উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

ABOUT THE AUTHOR

...view details