ধুবুৰী, ১০ জুন :সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ নম্বৰ সহ ৯২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ধুবুৰীৰ নুৰ চাবা খাতুনৰ এগৰাকী বেংকাৰ হোৱাৰ সপোন । ছাত্ৰী গৰাকীৰ এই সাফল্যত অতিশয় সুখী শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ শিক্ষকৰ লগতে পৰিয়ালটো।
বেংকাৰ হোৱাৰ সপোন ধুবুৰীৰ নুৰ চাবা খাতুনৰ - SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ নম্বৰ সহ ৯২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ধুবুৰীৰ নুৰ চাবা খাতুনৰ এগৰাকী বেংকাৰ হোৱাৰ সপোন । দৰিদ্ৰ পৰিয়ালটিক চৰকাৰী পক্ষই যদি সহায় কৰে তেন্তে নুৰ চাবাৰ সপোন বাস্তৱত ৰূপায়িত হব বুলি আশা কৰা হৈছে পৰিয়ালটিয়ে ।

Assam goverment appeal to help duburi poor student
উল্লেখযোগ্য যে, শংকৰ আজান আদৰ্শ বিদ্যালয়ৰ পৰা এইবেলি ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ৪৪ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
ইপিনে,ছাত্ৰী গৰাকীৰ এনে সাফল্যৰ পিছতেই আজি ধুবুৰীৰ সাংবাদিক আবুল হুছেইন,মোস্তাফিজুৰ ৰহমান,ছাহানুৰ ইছলাম আৰু সন্তোষ ৰয়ে ফুলাম গামোচা, জাপি আৰু শৰাইৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ছাত্ৰী গৰাকীৰ লগতে পিতৃ মাতৃক। সাংবাদিকৰ আগত নুৰ চাবাই আশানুৰূপ ফলাফল হোৱা নাই বুলি কোৱাৰ লগতে আগন্তক দিনত এগৰাকী বেংকাৰ হোৱাৰ সপোন আছে বুলি ব্যক্ত কৰে।