পূৱ বিলাসীপাৰা, 19 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে পূৱ বিলাসীপাৰাত বন বিভাগে উচ্ছেদ অভিযান চলাই ৷ অবৈধভাবে বেদখল কৰি থকা 43 টা পৰিয়ালৰ ঘৰ উচ্ছেদ চলাই বন বিভাগে ৷
তথ্য অনুসৰি, পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰ সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি বন বিভাগৰ ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰি থকা 43 টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিবলৈ সক্ষম হয় বন বিভাগে । বঙাইগাঁও আইভেলী বন সংমণ্ডলৰ নেতৃত্বত ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷