অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে CITU ৰ প্ৰতিবাদ - Worker union

শুকুৰবাৰে ধুবুৰীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ লগতে ৰে'লকে ধৰি আন চৰকাৰী প্ৰতিষ্ঠানক বেচৰকাৰী খণ্ডৰ হাতলৈ হস্তান্তৰৰ তীব্ৰ প্ৰতিবাদ কৰে সংগঠনটোৱে ৷

Assam: Duburi unit of CITU protest against labour reforms
Assam: Duburi unit of CITU protest against labour reforms

By

Published : Jul 3, 2020, 8:26 PM IST

ধুবুৰী, ৩ জুলাই :কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ধুবুৰীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ লগতে ৰে'লকে ধৰি আন চৰকাৰী প্ৰতিষ্ঠানক বেচৰকাৰী খণ্ডৰ হাতলৈ হস্তান্তৰৰ তীব্ৰ প্ৰতিবাদ কৰে সংগঠনটোৱে ।

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ধুবুৰীত CITU প্ৰতিবাদ

আনহাতে, বৰ্তমান চৰকাৰে শ্ৰমিকৰ স্বাৰ্থক পিঠি দি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰি থকাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । উল্লেখযোগ্য যে, ধাৰাসাৰ বৰষুণকো নেওচি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি ।

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ধুবুৰীত CITU প্ৰতিবাদ
লগতে পঢ়ক : হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details