অসম

assam

By

Published : May 17, 2019, 5:26 PM IST

ETV Bharat / state

ধুবুৰীৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰা প্ৰমাণ পত্ৰ প্ৰদানলৈ ব্যাপক দূৰ্নীতিৰ অভিযোগ

মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি প্ৰমাণ পত্ৰ প্ৰদানলৈ সকলো ক্ষেত্ৰতে প্ৰধান শিক্ষক গৰাকীয়ে দূৰ্নীতি অব্যাহত ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলৰ।

ধুবুৰীৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰা প্ৰমাণ পত্ৰ প্ৰদানলৈ ব্যাপক দূৰ্নীতিৰ অভিযোগ

ধুবুৰী, 17 মেঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অধীনস্থ কুলামুঞা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু অভিযোগ। জানিব পৰা মতে কুলামুঞা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চিকান্দাৰ আলী আহমেদে চলিত বৰ্ষত ছাত্ৰ ছাত্ৰীৰ বাবদ অহা মধ্যাহ্ন ভোজন কেৱল জানুৱাৰী মাহৰ কেইটামান দিন যোগান ধৰি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।

ধুবুৰীৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পৰা প্ৰমাণ পত্ৰ প্ৰদানলৈ ব্যাপক দূৰ্নীতিৰ অভিযোগ

ইয়াৰোপৰি ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদানৰ নামতো ধন সংগ্ৰহ কৰাৰ লগতে পৰিচালনা সমিতি গঠনৰ নামতো সভাপতিৰ দাবীদাৰৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ ওপৰত। সেয়ে বিদ্যালয় পৰিচালনা সমিতি লগতে স্থানীয় ৰাইজে উর্ধতন কর্তৃপক্ষক এই বিষয়টো জনাই শীঘ্ৰে উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই৷

ABOUT THE AUTHOR

...view details