অসম

assam

ETV Bharat / state

আজমলৰ বিৰুদ্ধে প্ৰতাৰণাৰ ৰাজনীতিৰ অভিযোগ অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ

বটদ্ৰৱা সত্ৰ আৰু ধুবুৰীৰ ৰামৰাইকুটি সত্ৰৰ উন্নয়নৰ বাবে আৰ্থিক সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি আজিও পালন নকৰিলে আজমলে

আজমলৰ প্ৰতাৰণাৰ ৰাজনীতিঃ ৰাইজৰ অভিযোগঃ ক্ষোভিত ৰাইজ

By

Published : Mar 25, 2019, 1:46 PM IST

Updated : Mar 25, 2019, 2:05 PM IST

ধুবুৰী, 25 মাৰ্চঃলোকসভা নিৰ্বাচনৰ আগে আগে প্ৰতাৰণাৰ অভিযোগ উঠিছে এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৷ গুৰুজনাৰ সত্ৰক এটাৰ পিচত আনটো প্ৰতাৰণাৰ অভিযোগ আজমলৰ ওপৰত।

আজমলৰ প্ৰতাৰণাৰ ৰাজনীতিঃ ৰাইজৰ অভিযোগঃ ক্ষোভিত ৰাইজ

জানিব পৰা মতে বটদ্ৰৱা সত্ৰৰ উন্নয়নৰ বাবে 50 লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এ আই ইউ ডি এফৰ সভাপতিজনে,কিন্তু কথাতেই সীমাবদ্ধ হৈ ৰ'ল আজমলৰ প্ৰতিশ্ৰুতি ৷ আনহাতে 2014 চনৰ লোকসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলে ধুবুৰীৰ ৰামৰাইকুটি সত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ২২ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বিগত পাঁচ বছৰতো হৈ নুঠিল সত্ৰৰ সামগ্ৰিক উন্নয়ন কাৰণ ৰামৰাইকুটি সত্ৰৰসত্ৰাধিকাৰৰঅভিযোগ অনুসৰি কেৱল কথাতে সীমাবদ্ধ থকা আজমলে পাহৰি গ'ল নিজৰ সকলো প্ৰতিশ্ৰুতি। পৰৱৰ্তীসময়তো ৰাইজলৈ উভতি নোচোৱাৰ অভিযোগ ৰামৰাইকুটি সত্ৰৰ সত্ৰাধিকাৰৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ৷


Last Updated : Mar 25, 2019, 2:05 PM IST

ABOUT THE AUTHOR

...view details