বিলাসীপাৰা, 24 ফেব্ৰুৱাৰীঃ অসম চৰকাৰে গ্ৰহণ কৰিছে অভিলাষী অসম দৰ্শন আঁচনি ৷ ৰাজ্যৰ বিভিন্ন তীৰ্থস্থান,পৰ্যটন ক্ষেত্ৰসমূহকলৈ অসম দৰ্শন আঁচনিৰ অধীনত প্ৰদান কৰা হব আৰ্থিক অনুদান ৷ সোমবাৰে গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত ধৰ্মীয় মঠ মন্দিৰ সমূহৰ উন্নতিৰ হকে গ্ৰহণ কৰা এই আঁচনিৰ অনুদান বিতৰণী সভা অনুষ্ঠিত হয় ৷
সেই উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা জিলা প্ৰশাসনে চিনাক্ত কৰি উলিয়াইছে বহু পুৰণি মঠ মন্দিৰ সমূহ ৷ দেওবাৰে বিলাসীপাৰা আৱৰ্ত ভৱনত অসম দৰ্শনৰ বাবে বাচনি হোৱা মঠ মন্দিৰ সমূহৰ বিষয়ববীয়া সকলক জিলা ভিত্তিত একত্ৰিত কৰি নিশা জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে ফ্লেগ অফ কৰি যাত্ৰাৰ শুভাৰম্ভ কৰে ৷