ধুবুৰী,27 নৱম্বৰ:সংসদৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশিত চূড়ান্ত এন আৰ চি নাকচ কৰি নতুনকৈ ৫১ক ভিত্তি বৰ্ষ হিচাপে লৈ অসমৰ লগতে দেশজুৰি এন আৰ চি কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে । সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বিজেপি চৰকাৰৰ এই ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰায়কেইটা ছাত্ৰসংগঠনে । প্ৰকাশিত চূড়ান্ত এন আৰ চি খন বাতিল কৰিলে দেশ তথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব । বুধবাৰে এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে কৰি দেখুৱালে বুলি সংসদৰ মজিয়াত বাহঃ বাহঃ লোৱা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এন আৰ চি প্ৰকাশ পোৱাৰ পিছত ভৱাধৰণে অসমত বাংলাদেশী নাগৰিক নোলোৱাত আৰু মুছলমানতকৈ হিন্দু বাংলাদেশী লোকৰ সংখ্যা বেছি হোৱাত বৰ্তমান এন আৰ চি খন বাতিল কৰাৰ ষড়যন্ত্ৰ কৰিছে ।
ইপিনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ লোৱা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতা ৱাজেদে আলী চৌধুৰীয়ে । কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, কেবৰ জৰিয়তে বিজেপিয়ে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু সকলক আনি নাগৰিকত্ব দিব বিচাৰিছে । আনহাতে কংগ্ৰেছ নেতাগৰাকীয়ে ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কয় যে, ৭১ চনৰ পিছত বাংলাদেশৰ পৰা কোনো মুছলমান অসমত বসবাস কৰিবলৈ অহা দেখা নাই । অসম চুক্তিত স্পষ্টকৈ উল্লেখ আছে যে, ৭১ ৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক অসমৰ পৰা যাব লাগিব । গতিকে যদি মুছলমান আহিছে তেন্তে তেওঁলোকক খেদি পঠাওক আমাৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । লগতে সম্পাদক গৰাকীয়ে কয় যে, "ধৰ্মৰ নামত এখন আইন গৃহীত কৰি কেৱল হিন্দুক নাগৰিকত্ব দিবলৈ এতিয়াও ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হোৱা নাই । বৰ্তমানেও ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।