অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক

উল্লেখ্য যে ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পিচতো কেনেদৰে এজন অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক

By

Published : May 7, 2019, 7:28 PM IST

বিলাসীপাৰা, 7 মেঃ পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত মঙলবাৰে উদ্ধাৰ হয় এজন বয়সীয়াল বাংলাদেশী নাগৰিক । জানিব পৰা মতে পথভ্ৰষ্ট হৈ ভাৰতত প্ৰৱেশ কৰে আব্দুল গণি নামৰ নাগৰিকজন। পৰৱৰ্তী সময়ত বাংলাদেশৰ নেত্ৰকণাৰ লোকজনক ৰাইজ তথা ছাত্ৰ সন্থাই গতাই দিয়ে চাপৰ আৰক্ষীক।

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত উদ্ধাৰ বয়সীয়াল বাংলাদেশী নাগৰিক

আনহাতে লোকজনৰ ভাৰতত প্ৰৱেশক লৈ ছাত্ৰ সন্থাৰ নেতাসকলে কয় যে ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পিচতো কেনেদৰে এজন অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details