অসম

assam

By

Published : Mar 21, 2021, 9:54 PM IST

ETV Bharat / state

সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ

বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক অশোক কুমাৰ সিংঘীৰ এজন অতি ঘনিষ্ঠ লোকে বঙালী সম্প্ৰদায়ৰ লোকক কটু মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰে বঙালী যুৱ ফেডাৰেচনৰ কৰ্মীসকল ৷ ২৭ নং পূৱ বিলাসীপাৰাৰ জনৈক দাস নামৰ প্ৰাক্তন ৱাৰ্ড আয়ুক্ত গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বঙালী যুৱ ফেডাৰেচনে ৷

বিলাসীপাৰাত সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ
বিলাসীপাৰাত সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,21 মাৰ্চ: ধুবুৰী জিলাৰ বিলাসীপাৰাত সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ প্ৰতিবাদ ৷ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক অশোক কুমাৰ সিংঘীৰ এজন অতি ঘনিষ্ঠ লোকে বঙালী সম্প্ৰদায়ৰ লোকক কটু মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰে সংগঠনটোৰ কৰ্মীসকল ৷ ২৭ নং পূৱ বিলাসীপাৰাৰ জনৈক দাস নামৰ প্ৰাক্তন ৱাৰ্ড আয়ুক্ত গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বঙালী যুৱ ফেডাৰেচনে ৷ দেওবাৰে বিলাসীপাৰা মাজমজিয়াত বঙালী বিৰোধী মুৰ্দাবাদ, বিজেপিৰ দালাল মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বিলাসীপাৰাত সদৌ অসম বঙালী যুৱ ফেডাৰেচনৰ তীব্ৰ প্ৰতিবাদ

ঘটনা অনুসৰি, ২৭ নং পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংঘীয়ে বঙালী অঞ্চলত উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰি অঞ্চলসমূহত প্ৰৱেশ নিষিদ্ধ কৰিছিল । তাৰ প্ৰৰিপ্ৰেক্ষিততে বঙালীসকলৰ বিৰুদ্ধে জনৈক দাসে কটু মন্তব্য কৰে ৷ মন্তব্যৰ পাচতে জনৈক দাসক দলৰ পৰা শীঘ্ৰে বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে ৷ অন্যথা সমাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে বঙালী সমাজে ।

লগতে পঢ়ক:নাজিৰাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details