ধুবুৰী, 10 ফেব্ৰুৱাৰী : অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, ধুবুৰী বিধান পৰিষদৰ উদ্যোগত আৰু গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা বিধান পৰিষদৰ সহযোগত ধুবুৰী জিলাৰ অসম সংঘ ভৱনত বুধবাৰে দিনযোৰা কাৰ্যসুচীৰে যুৱ সমাৰোহ অনুষ্ঠিত হয় ।
এই উপলক্ষে অগপৰ গৌৰীপুৰ আঞ্চলিক সমিতিৰ কাৰ্যায়ৰ পৰা অসম সংঘ ভৱনলৈ বিধান পৰিষদৰ প্ৰায় ৩ শতাধিক কৰ্মীয়ে বাইক ৰেলী কৰি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁইৰ লগতে কেইবাগৰাকী বিষয়ববীয়াক আদৰণি জনায় ৷
যুৱ সমাৰোহৰ লগত সংগতি ৰাখি অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি ৰাখু হুছেইনে সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে জিতু বৰগোহাঁই লগতে অসম যুৱ পৰিষদৰ উপ-সভাপতি পিজু ডেকা, বিকাশ ৰঞ্জন দাস, প্ৰশান্ত দাস, নুৰে ছিবলী, সাঃ সম্পাদক হৃষিকেশ শৰ্মা, প্ৰবাল বুজৰ বৰুৱা, সাংগঠনিক সম্পাদক সঞ্জয় বিশ্বাস, সম্পাদক অসিম চৌধুৰী, পিঙ্কু কলিতা, গোলকগঞ্জ বিধান পৰিষদৰ সভাপতি দুদেশ্বৰ ৰায়, বিলাসীপাৰা বিধান পৰিষদৰ সভাপতি আমিনুৰ ৰহমান, মইদুল ইছলাম, আদি ।
লগতে পঢ়ক: লক্ষ্য নিৰ্বাচন: অমিত শ্বাহ বৈঠকত মিলিত হ’ব কোচ ৰাজবংশৰ উত্তৰাধিকাৰীৰ সৈতে