ধুবুৰী, ৩ জানুৱাৰী :ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত দেওবাৰে অসম নাট্য সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । বিশিষ্ট নাট্যকাৰ তথা আহ্বায়ক নিৰ্মলেন্দু সেন গুপ্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য আহ্বায়ক বিশ্বজিৎ কলিতাই । অসম নাট্য সন্মিলনৰ ধুবুৰী শাখাৰ মুঠ ৩৬ জনীয়া এখন পূৰ্ণাংগ শাখা কমিটীও গঠন কৰা হয় ।
উক্ত সভাৰ আৰম্ভণিতে ধুবুৰীৰ সমাজ জীৱনৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যোৱা প্ৰয়াত বিশিষ্ট নাট্যকাৰ, শিল্পী সকলৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে এক মিনিট সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত শোকপ্ৰস্তাৱ পাঠ কৰে সভাৰ আহ্বায়ক হেমেন চক্ৰৱৰ্তীয়ে । সভাত উপস্থিত থাকি অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সম্পাদক কনক কৃষ্ণ দেৱনাথে নাট্য সন্মিলনৰ লক্ষ্য়, আদৰ্শ আৰু উদ্দেশ্য ব্যাখ্যা কৰে ।