অসম

assam

ETV Bharat / state

মানকাচৰত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ - নিম্ম মানৰ ব্লকেৰে

নিম্ম মানৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ তুলি মানকাচৰত ৰাইজে বন্ধ কৰিলে পথৰ নিৰ্মাণকাৰ্য। পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো জিলা উপায়ুক্তই ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত স্থানীয় ৰাইজ। মানকাচাৰৰ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা ছানোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।

মানকাচৰত নিম্নমানৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ
মানকাচৰত নিম্নমানৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ

By

Published : Nov 22, 2020, 8:24 PM IST

ধুবুৰী, ২২ নৱেম্বৰ: ধুবুৰীৰ মানকাচৰত বেপাৰীপাৰা-সুখচৰ দলং সংযোগী পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বাৰম্বাৰ সঠিকভাৱে পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱাৰ পিছতো বিভাগীয় অভিযন্তাই কাণসাৰ নিদিয়াত ক্ষুদ্ধ হৈ ৰাইজে বন্ধ কৰালে পথৰ নিৰ্মাণকাৰ্য। সুখচৰৰ আৰু পাটাকাটা সংযোগী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে পোহৰলৈ আহিছে কামৰ নমুনা।

মানকাচৰত নিম্নমানৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ

২০১৩-১৪ বৰ্ষত হাইটেক নামৰ এখন কোম্পানীয়ে দলংখনৰ কাম কৰি আছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমান দলং নিৰ্মাণৰ কাম প্ৰায় শেষ হোৱাৰ পথত৷ ৰাইজে অভিযোগ তুলিছে যে, দলংখনৰ এপ্ৰোচ পথটো পকীকৰণৰ ঠাইত চি চি ব্লকেৰে নিৰ্মাণ কৰিছে ৷ লগতে চি চি ব্লকবোৰ নিম্ন মানৰ বুলি কৈ স্থানীয় লোকে দেওবাৰে নিৰ্মাণকাৰ্যত বাধা প্ৰদান কৰে ৷ এই বিষয়ে ৰাইজে জিলা উপায়ুক্তক অৱগত কৰিছে যদিও আজি পৰ্যন্ত জিলা প্ৰশাসনে নিৰৱে আছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

মানকাচৰত নিম্নমানৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ

আনহাতে, মানকাচৰৰ গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা ছানোৱাৰ হুছেইন এই দুৰ্নীতিৰ সৈতে জড়িত বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে ৷ পথটোৰ নিৰ্মাণকাৰ্য তদন্ত কৰি সঠিকভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায় স্থানীয় লোকসকলে ।

লগতে পঢ়ক:চিৰাঙৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ

ABOUT THE AUTHOR

...view details