অসম

assam

By

Published : Nov 5, 2020, 8:04 PM IST

ETV Bharat / state

আমছুৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধুবুৰীত সদৌ অসম সংখ্য়ালঘু ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

আমছুৰ প্ৰতিবাদত উত্তাল ধুবুৰী
আমছুৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ধুবুৰী, ৫ নৱেম্বৰ: ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্য়ালঘু ছাত্ৰ সন্থাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে। আমছুৰ ধুবুৰী জিলা কমিটীৰ সভাপতি আব্দুল বাতেন শ্বেইখৰ নেতৃত্বত আমছুৰ শতাধিক কৰ্মীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

আমছুৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। আমছুৰ ধুবুৰী জিলা সমিতিয়ে পেট্ৰ'ল, ডিজেলৰ লগতে ৰন্ধন গেছৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চৰকাৰে শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

লগতে পঢ়ক:পেটৰ বাবেই অহৰহ এখন যুদ্ধত ব্ৰতী তেওঁলোক

ABOUT THE AUTHOR

...view details