অসম

assam

ETV Bharat / state

Floods in Dhubri : কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ - লেতেৰা আৱৰ্জনাময় হৈ পৰিছে প্ৰসূতি কল্যাণ কেন্দ্ৰ

পুনৰ কৃত্ৰিম বানৰ কৱলত পৰিল ধুবুৰী জিলা কাৰাগাৰ, নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ (Artificial floods in Dhubri)। আৱৰ্জনাময় হৈ পৰিছে প্ৰসূতি কল্যাণ কেন্দ্ৰ । কাৰাগাৰত কৃত্ৰিম বানৰ ফলত কয়দী, জেল কৰ্তৃপক্ষৰ হাহাকাৰ ।

Flood
কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

By

Published : Jun 14, 2022, 4:32 PM IST

ধুবুৰী,১৪ জুন :যোৱা কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন অঞ্চল পুনৰ বানৰ কৱলত পৰিছে (Flood in Assam)। ধুবুৰী জিলাৰো বহু অঞ্চল প্লাৱিত হোৱা দেখা গৈছে । জিলাখনৰ বিভিন্ন অঞ্চলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । বিশেষকৈ ধুবুৰী চহৰত থকা জিলা কাৰাগাৰ আৰু নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ চিকিৎসালয় কৃত্ৰিম বানৰ কৱলত পৰিছে ।

ধুবুৰী জিলা কাৰাগাৰ আৰু নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ লগতে নলা নৰ্দমাৰ লেতেৰা দুৰ্গন্ধময় পানী সোমাই যোৱাৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ধুবুৰী জিলা কাৰাগাৰৰ এয়া এক দীৰ্ঘ দিনীয়া সমস্যা । সামান্য বৰষুণতে পানীত বুৰ যায় জিলা কাৰাগাৰখন (Artificial flood at Dhubri district jail)। বিগত দিনত কেইবাবাৰো কয়েদীসহ জিলা কাৰাগাৰখন সমীপৰ ধুবুৰী ছোৱালী মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাও পৰিলক্ষিত হৈছিল ।

কৃত্ৰিম বানৰ কৱলত ধুবুৰী জিলা কাৰাগাৰ

যাৰ ফলত জিলা কাৰাগাৰৰ কয়েদী আৰু বিষয়া-আৰক্ষীৰ লগতে সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় । কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত যেন কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ ।

আনফালে, একেই সমস্যা ধুবুৰী নগৰ স্বাস্থ্য আৰু প্ৰসূতি কল্যাণ কেন্দ্ৰৰ । সামান্য বৰষুণতে জলবন্দী হৈ পৰে চিকিৎসালয়খন (Flood at Dhubri Health and Maternity Welfare Centre)। নলা-নৰ্দমাৰ লেতেৰা দুৰ্গন্ধময় পানী সোমাই পৰে চিকিৎসালয় চৌহদত । ফলত ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ লগতে চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

কিন্তু লক্ষ্যণীয় বিষয় যে, ধুবুৰীৰ বাবে এয়া কোনো নতুন কথা নহয় । কাৰণ উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ ফলত সামান্য বৰষুণ হ'লেই জলবন্দী হৈ পৰে ধুবুৰী চহৰৰ ভিন্ন অঞ্চল ।

লগতে পঢ়ক :গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details