ধুবুৰী, 5 অক্টোবৰঃৰাজ্যজুৰি দুৰ্গাপূজাৰ আনন্দ । ঢাকৰ শব্দত মুখৰিত সমগ্ৰ ৰাজ্য । মহা সপ্তমীৰ দিনা প্ৰতিটো পূজা মণ্ডপত আনন্দৰ ঢল বোৱাৰ সময়তে ধুবুৰীৰ এখন পূজা মণ্ডপত উত্তাল প্ৰতিবাদ ভক্তপ্ৰাণ ৰাইজৰ । ধুবুৰীৰ ষ্টে'চন ৰোডৰ পৰা কেইবাটাও মূল পথ সংযোগী পথৰ সেন পাৰা অঞ্চল দীর্ঘ দিনৰে পৰা বিধ্বস্ত হৈ আছে । কিন্তু পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ । যাৰ বাবে শনিবাৰৰ পুৱাৰ ভাগত অহা ধাৰাসাৰ বৰষুণত পূজা মণ্ডপ পানীত বুৰ যোৱাৰ লগতে সন্মুখৰ মূল পথত একাঠু পানী জমা হয় । ফলত পূজা মণ্ডপলৈ যাওঁতে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয় ৰাইজ । যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে পথটোৰ দুয়ো ফালে বাঁহ বন্ধাৰ উপৰিও ৰে'ল পথত বাঁহ বান্ধি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
পানীৰ তলত পূজাৰ মণ্ডপঃ পথ আৱৰোধ কৰিলে উত্তেজিত ৰাইজে - ষ্টে'চন ৰোড
ধুবুৰীৰ ষ্টে'চন ৰোডৰ পৰা কেইবাটাও মূল পথ সংযোগী পথৰ সেন পাৰা অঞ্চলৰ পথসমূহ দীর্ঘ দিনৰে পৰা বিধ্বস্ত হৈ আছে । কিন্তু পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ ৷
![পানীৰ তলত পূজাৰ মণ্ডপঃ পথ আৱৰোধ কৰিলে উত্তেজিত ৰাইজে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4661623-thumbnail-3x2-skdksdk.jpg)
পানীৰ তলত দেবী দুৰ্গা পূজা মণ্ডপ
পানীৰ তলত দেবী দুৰ্গা পূজা মণ্ডপ
উল্লেখযোগ্য যে, প্ৰতিবাদৰ পাছত প্ৰশাসনীয় বিষয়া ঘটনাস্থলীত উপস্থিত হৈ বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰাৰ বিপৰীতে পথ মেৰামতিৰ আশ্বাস প্ৰদান কৰাৰ পিছতহে প্ৰত্যাহাৰ কৰা হয় পথ অৱৰোধ ।