ধুবুৰী, 22 জুলাই :প্ৰলয়ংকাৰী বান পৰিস্থিতিয়ে ধুবুৰীত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ জিলা খনত প্ৰায় এহেজাৰ খন গাঁও বানৰ কবলত পৰাৰ বিপৰীতে প্ৰায় এঘাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে ধুবুৰীৰ চলাকুৰা গাঁও পঞ্চায়ত এলেকাত ৷ এই পঞ্চায়তটোৰ ডেৰ হেজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷ কিন্তু অভিযোগ অনুসৰি এই পঞ্চায়তটোত পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিয়া হোৱা নাই ।
ধুবুৰীত বানাক্ৰান্তৰ কাষত সেনা,এনডিআৰএফ আৰু এনজিঅ’
এনডিআৰএফ, সেনা আৰু এনজিঅ'ৰ ফালৰ পৰা চলাকুৰা প্লেটফৰ্মৰ বানাক্ৰান্ত সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ বিপৰীতে প্লেটফৰ্মত থকা পশুধনৰ ঔষধ বিতৰণ কৰা হয় ৷
হঠাৎ অহা প্ৰলয়ংকাৰী বানে দুটা দিনৰ ভিতৰতে সাধাৰণ ৰাইজৰ ঘৰবাৰী সকলো মহাবাহুৰ বুকুত জাহ গৈছিল ৷ চকুৰ সন্মুখতেই নিজৰ ঘৰ খন লুইতৰ বুকুত উটি যোৱা ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি কেৱল চকুলো টুকিছিল এওঁলোকে ৷ এতিয়া ঘৰবাৰী নোহোৱাৰ ফলত দুৰ্ভগীয়া পৰিয়াল সকলে প্লেটফৰ্মৰ লগতে বিভিন্ন ওখ ঠাইত কোনোমতে জীৱন যাপন কৰি আছে ৷ ইপিনে চলাকুৰা গাঁও পঞ্চায়তৰ ডেৰ হাজাৰ অসহায় পৰিয়ালৰ ভিতৰত কিছু পৰিয়ালে চলাকুৰা প্লেটফৰ্মত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশই ধুবুৰী, গৌৰীপুৰ আৰু পানবাৰী আদি বিভিন্ন স্থানত আশ্ৰয় লৈ বহু কষ্টেৰে জীৱন যাপন কৰিছে । কিন্তু চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পঞ্চায়তৰ সভাপতি তমেজ উদ্দিন মণ্ডলে ৷
আনহাতে চলাকুৰা পঞ্চায়তৰ বানাক্ৰান্ত লোকসকলৰ দুৰ্বিসহ জীৱন যাপনৰ খবৰ পাই চলাকুৰা প্লেটফৰ্মত উপস্থিত হয় এনডিআৰএফ বাহিনী, ৰাজপুত ৰেজিমেণ্ট সেনা আৰু অক্সফৰ্ম ইণ্ডিয়া নামৰ এটি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থা ৷ এনডিআৰএফ, সেনা আৰু এনজিঅ'ৰ ফালৰ পৰা চলাকুৰা প্লেটফৰ্মৰ বানাক্ৰান্ত সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ বিপৰীতে প্লেটফৰ্মত থকা পশুধনৰ ঔষধ বিতৰণ কৰা হয় ৷ ইপিনে বিভিন্ন সময়ত জৰুৰীকালীন সময়ত ভুক্তভোগী ৰাইজক উদ্ধাৰ কৰা, সহায় কৰা আৰু সাহায্য প্ৰদান কৰাৰ লগতে সংস্থাপন দিয়াৰ ব্যৱস্থাপনাৰ লক্ষ্য লৈ ধুবুৰীৰ বানাক্ৰান্তৰ কাষত থিয় দিছে অক্সফৰ্ম ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাটোৱে ৷ ইতিমধ্যে ধুবুৰীৰ বিলাসীপাৰাৰ কেইবাটাও বান শিবিৰত সাহায্য প্ৰদানৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰাতো বানাক্ৰান্তক সহায় আৰু সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে অক্সফৰ্ম ইণ্ডিয়া নামৰ এনজিআ'ৰ প্ৰগ্ৰেম কো. অৰডিনেটৰ পুনম মিশ্ৰাই ৷ দুৰ্যোগৰ সময়ত এনডিআৰএফ আৰু সেনাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এনজিঅ'ই চলাকুৰাকে ধৰি জিলা খনৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱা কাৰ্য সচাকৈয়ে প্ৰশংসনীয় ৷