অসম

assam

By

Published : Aug 4, 2023, 1:08 PM IST

ETV Bharat / state

Gauripur mob lynching: উন্মাদ মস্তিস্কৰ এদল দানৱৰ আক্ৰমণৰ বলি শক্তি বিভাগৰ কৰ্মচাৰী; কাঠ-বাঁহেৰে নিৰ্মম প্ৰহাৰ

ধুবুৰীত অঘটন ৷ চোৰাংভাৱে বিদ্যুৎ সংযোগকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি শক্তি বিভাগৰ কৰ্মচাৰী ৷ উন্মাদপ্ৰায় এদল পুৰুষ মহিলাই আগুৰি ধৰি প্ৰহাৰ কৰে APDCL ৰ SDO সহ কৰ্মচাৰী কেইজনক ৷

Gauripur people brutally beaten APDCL workers
ৰাইজৰ ৰোষত পৰিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

উন্মাদ মস্তিস্কৰ এদল দানৱৰ আক্ৰমণৰ বলি শক্তি বিভাগৰ কৰ্মচাৰী

ধুবুৰী, 4 আগষ্ট :ধুবুৰী জিলাৰ গৌৰীপুৰত অঘটন ৷ ৰাইজৰ ৰোষত পৰিল এইবাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ৷ জানিব পৰা মতে, ধুবুৰীৰ গৌৰীপুৰৰ একাংশ লোকে দীৰ্ঘদিন ধৰি চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলাই আহিছিল ৷ এই কথা গম পাই বৃহস্পতিবাৰে গৌৰীপুৰৰ দুমৰদহ দ্বিতীয় খণ্ড অঞ্চলত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে চলাই এক অভিযান ৷ এই অভিযান বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে জব্দ কৰে পাঁচটা বৈদ্যুতিক মটৰ ৷

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ এই অভিযানত অসন্তুষ্ট হৈ ডোমৰদহ দ্বিতীয় খণ্ড অঞ্চলৰ কেবাগৰাকীও পুৰুষ-মহিলাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কেইগৰাকীক পিছফালৰ পৰা আক্ৰমণ কৰে ৷ উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নুলু আদি কেবাজনো লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়া মঞ্জুৰুল হকৰ লগতে আন দুই কৰ্মচাৰী ক্ৰমে মফিদুল হক আৰু ৰফিকুল হক ৷

পৰৱৰ্তী পৰ্যায়ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ ইফালে বিদ্যুৎ বিভাগৰ আন কৰ্মচাকীৰ তৎপৰতাত আহত তিনিওকে ততাতয়াকৈ গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও তিনিওকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ।

লগতে পঢ়ক :ASI survey of Gyanvapi mosque: জ্ঞানবাপীত ASI ৰ সমীক্ষা আৰম্ভ; অন্তৰ্ভুক্ত হোৱা নাই মুছলমান পক্ষ

ABOUT THE AUTHOR

...view details