পূৱ বিলাসীপাৰা , ২ ফেব্ৰুৱাৰী : নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ধুবুৰী আৰক্ষীৰ । জিলাখনৰ চাপৰ থানাৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়াত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য় আৰু এখন দুচকীয়া বাহন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই নিচাযুক্ত দ্ৰব্য়সমূহ সৰবৰাহ কৰা এজন যুৱকক ।
চাপৰত নিষিদ্ধ নিচাযুক্ত দ্ৰব্য়সহ গ্ৰেপ্তাৰ এজন - আৰক্ষীয়ে নগৰৰ মাজমজিয়াত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য়
ধুবুৰীৰ চাপৰ থানাৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়াত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য় আৰু এখন দুচকীয়া বাহন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই নিচাযুক্ত দ্ৰব্য়সমূহ সৰবৰাহ কৰা এজন যুৱকক ।
চাপৰত নিষিদ্ধ নিচাযুক্ত দ্ৰব্য়সহ গ্ৰেপ্তাৰ এজন
গ্ৰেপ্তাৰ হোৱা যুৱকজন বঙাইগাঁও জিলাৰ ঝাউকুৰাৰ ছাজাহান আলী ওৰফে ছেকান্দাৰ আলী বুলি জানিব পৰা গৈছে। উল্লেখ যে আলীয়ে নিচাযুক্ত সামগ্ৰীখিনি যোগীঘোপাৰ পৰা চাপৰত বিক্রী কৰিবলৈ আনিছিল বুলি জানিবলৈ দিয়ে । ঘটনা সংক্ৰান্তত অধিক তথ্যৰ বাবে চাপৰ আৰক্ষীয়ে ধৃত আলীক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
TAGGED:
ছয়জনগোষ্ঠীৰ জনজাতিকৰণ