অসম

assam

ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠনৰ উকমুকনি

By

Published : Oct 4, 2020, 7:25 PM IST

"অসম আৰু অসমীয়াৰ স্বাৰ্থত, স্বাভিমানৰ সুৰক্ষাৰ স্বাৰ্থত, অসমৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত দল কৰিবলৈ বাধ্য ৷" দেওবাৰে ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত কৰ্মী সভাত এই মন্তব্য প্ৰদান কৰে অসম-মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এম আব্দুল বাতেনে ৷

নতুন দল গঠনৰ উকমুকনি
নতুন দল গঠনৰ উকমুকনি

ধুবুৰী, 4 অক্টোবৰ: ৰাজ্যত পুনৰ আন এক নতুন ৰাজনৈতিক দল গঠনৰ দিশে অগ্ৰসৰ হৈছে এটা সংগঠন ৷ এইবাৰ ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম-মিঞা (অসমীয়া) পৰিষদে ৷ এই বিষয়ে সংবাদ মাধ্যমযোগে সদৰী কৰে সংগঠনটোৰ একাংশ কৰ্মকৰ্তাই ৷ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ উদ্দেশ্যে সংগঠনটোৱে প্ৰায় 28 বছৰ ধৰি তেওঁলোকে সংগ্ৰাম কৰি আছে ৷

শেহতীয়াকৈ অসমত দুটা ৰাজনৈতিক দলৰ জন্ম হয় ৷ কিন্তু দুয়োটা ৰাজনৈতিক দলে যেনেকৈ অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত সংগ্ৰাম চলাইছিল, অসম-মিঞা (অসমীয়া) পৰিষদ তাতকৈয়ো শক্তিশালীভাৱে সংগ্ৰাম চলাইছে ৷ কিন্তু কৃষকমুক্তিয়ে তেওঁলোকৰ দলৰ আঁৰত 70 টা সংগঠন থকাৰ কথা উল্লেখ কৰিছে ৷ কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে মিঞা পৰিষদক অন্ধকাৰত ৰাখি 70 সংগঠনক লৈ গঠন কৰিলে ৰাইজৰ দল ৷ এই ক্ষেত্ৰত জনগোষ্ঠীয় মিঞা লোক সকল বিগত ৭৪ টা বছৰে কেৱল বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম আব্দুল বাতেনে ৷ লগতে অহা ১০ অক্টোবৰলৈ কৃষকমুক্তিক সময়সীমা বান্ধি দি এই ক্ষেত্ৰত তেওঁলোকৰ স্পষ্টীকৰণ দিবলৈ আহ্বান জনালে মিঞা পৰিষদে ৷

ৰাজ্যত আন এক নতুন ৰাজনৈতিক দল গঠনৰ উকমুকনি

আনহাতে তেওঁ কয় যে, "আছুক বিজেপিৰ বি টীম আৰু ৰাইজৰ দলক কংগ্ৰেছৰ বি টীম বুলি ৰাইজে অভিহীত কৰিছে ৷ গতিকে আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত, স্বাভিমানৰ সুৰক্ষাৰ স্বাৰ্থত, অসমৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত দল কৰিবলৈ বাধ্য ৷ সেই বিষয়ে 25 অক্টোবৰত আয়োজিত সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তনত ঘোষণা কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে ৷" একেদৰে অসম বাক সেনাৰ সভাপতি এম ৰফিকুল ইছলামেও নতুন ৰাজনৈতিক দলৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মিঞা পৰিষদৰ লগতে আন জাতীয়তাবাদী সংগঠনেৰে মিলি নতুন ৰাজনৈতিক দল গঠন কৰা হ'ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক:হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details