ধুবুৰী, 28 জুলাই :অহা 29 আৰু 30 জুলাইত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ দুদিনীয়া বাৰ্ষিক অধিৱেশন । বৃহস্পতিবাৰে ধুবুৰীৰ বালুৰচৰস্থিত কাৰ্যালয় সীমান্ত ভৱনত এক সংবাদমেলযোগে এই কথা সদৰী কৰে সংগঠনটোৱে । কাৰ্যসূচী অনুসৰি, অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ 29 জুলাইৰ পুৱা 7:30 বজাত জিলা পুথিভঁৰাল প্ৰাংগণত সাংগঠনটোৰ দলীয় পতাকা উত্তোলনেৰে সংগঠনটোৰ অধিৱেশনখনৰ শুভাৰম্ভ হ’ব । পতাকা উত্তোলন কৰিব সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে ।
পুৱা 7:45 বজাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা সংগঠনটোৰ কাৰ্যকৰ্তাসকলৰ পঞ্জীয়ণ কৰাৰ পিছত উন্মোচন কৰা হ’ব স্বৰণিকা "সীমান্ত-23" । উক্ত অনুষ্ঠানত সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সংযোজক এ. গোপাল কৃষ্ণণ, সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সহ-সংযোজক প্ৰদীপণ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, এনইচিটিএআৰ (NECTAR)ৰ মহানিৰ্দেশক অৰুণ শৰ্মা, ধুবুৰী জিলা উপায়ুক্ত দিৱাকৰ নাথ, আৰক্ষী অধীক্ষক নবীন সিং প্ৰমুখ্যে আন আন বহু লোক উপস্থিত থাকিব বুলি সংবাদ মেলত উল্লেখ কৰে ।
29 জুলাইৰ দুপৰীয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক যোগেন ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত হ'ব প্ৰথমটো সত্ৰ । কাৰ্যসূচী অনুসৰি সিদিনা বিয়লি 4:30 বজাত দ্বিতীয় সত্ৰ, সন্ধিয়া 6:15 বজাত তৃতীয় সত্ৰ আৰু নিশা 7:40 বজাত চতুৰ্থ সত্ৰ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে । 30 জুলাইৰ ৰাতিপুৱা 7 বজাৰ পৰা পঞ্চম সত্ৰখন অনুষ্ঠিত হোৱাৰ পিছত ৰাতিপুৱা 9 বজাৰ পৰা সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সহ-সংযোজক প্ৰদীপণৰ সঞ্চালনাত অনুষ্ঠিত হ'ব ষষ্ঠ সত্ৰখন । দিনৰ 10:30 বজাত সপ্তম তথা অন্তিমখন সত্ৰ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ।