অসম

assam

ETV Bharat / state

গৌৰীপুৰত অংগনবাদী কৰ্মী সন্থাৰ সংবাদমেল - ধুবুৰী জিলা অংগনাৱাড়ী কৰ্মী সহায়িকা

ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হ'ব সদৌ ধুবুৰী জিলা অংগনাৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবার্ষিক অধিবেশন । এই লৈ বুধবাৰে আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰিছে অংগনাবাদী কৰ্মী সহায়িকা সন্থাই ।

গৌৰীপুৰত অংগনবাদী কৰ্মী সন্থাৰ সংবাদমেল
গৌৰীপুৰত অংগনবাদী কৰ্মী সন্থাৰ সংবাদমেল

By

Published : Feb 3, 2021, 7:12 PM IST

ধুবুৰী, ৩ ফেব্ৰুৱাৰী: ধুবুৰী জিলা অংগনাবাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থ ত্ৰিবার্ষিক অধিৱেশন অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত গৌৰীপুৰৰ মাটিয়াবাগত অনুষ্ঠিত হ'ব । সদৌ ধুবুৰী জিলা অংগনাবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী পাৰভিন সাহাজাদাই বুধবাৰে এক সংবাদ মেলযোগে এই কথা জানিবলৈ দিয়ে ।

গৌৰীপুৰত অংগনবাদী কৰ্মী সন্থাৰ সংবাদমেল

এই অধিৱেশনৰ জৰিয়তে সদৌ ধুবুৰী জিলা অংগনাবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিকে ধৰি দীর্ঘদিনীয়া বিভিন্ন দাবীৰ অসম চৰকাৰক দৃষ্টি গোচৰ কৰিবলৈ এই অধিৱেশনৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে, এই অধিৱেশনত কৰ্মী সহায়িকাসকলৰ বিভিন্ন সমস্যা সমাধানৰ বিষয়ে প্ৰস্তাৱ গৃহীত হ'ব । লগতে আগন্তুক বিধানসভা অধিৱেশনত বিভাগীয় মন্ত্ৰীয়ে উপস্থাপন কৰাৰ দাবী উত্থাপন কৰে সভানেত্ৰী গৰাকীয়ে ।

উক্ত কাৰ্য্যসূচী মতে ৮ ফেব্ৰুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে দ্বিতীয় দিনা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্রী প্ৰমিলা ৰাণী ব্রহ্ম আৰু ধুবুৰী জিলাৰ সমষ্টি বিধায়কসকল তথা প্ৰাক্তন মন্ত্রীৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি ।

উল্লেখ্য যে, অংগনাবাড়ী কৰ্মী সহায়িকাসকলৰ দীর্ঘদিনীয়া দাবীৰ পিছতো ৰাজ্য চৰকাৰে আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই যদিওঁ এই অধিৱেশনৰ পিছত বিভাগীয় মন্ত্ৰীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় বিষয় হ'ব ।

লগতে পঢ়ক:বটদ্ৰৱা সমষ্টিৰ পৰা আঞ্চলিক গণ মৰ্চাৰ হৈ কোনে কৰিব প্ৰতিদ্বন্দিতা ?

ABOUT THE AUTHOR

...view details