ধুবুৰী, 8 মে : ধুবুৰী চহৰৰ ১নং ৱার্ডৰ টাউন ক্লাৱৰ সমীপত এখন সৰু পাণদোকান দি জীৱন সংগ্ৰামৰ বাট মুকলি কৰিছিল মিলা ৰায় নামৰ সত্তৰৰ ঊৰ্ধৰ এগৰাকী মহিলাই ৷ বহু বছৰ পূর্বে স্বামীৰ মৃত্যুৰ পাছত চহৰখনৰ ৩নং বালুৰচৰৰ নিজৰ ভতিজীৰ ঘৰত বাস কৰে সন্তানহীন এই মহিলাগৰাকী । প্ৰায় চাৰি দশকৰ পৰাই এখন সৰু দোকানৰ পৰা দৈনিক উপাৰ্জন কৰা সামান্য ধনেৰেই টানি-টুনি চলি আছে মিলা ৰায় ৷
লক্ ডাউন নুখুলিলে আইতাৰ কি হ'ব... - মিলা ৰায় নামৰ সত্তৰৰ ঊৰ্ধৰ এগৰাকী মহিলা
বহু বছৰ পূর্বে স্বামীৰ মৃত্যুৰ পাছত চহৰখনৰ ৩নং বালুৰচৰৰ নিজৰ ভতিজীৰ ঘৰত বাস কৰে সন্তানহীন এই মহিলাগৰাকী। প্ৰায় চাৰি দশকৰ পৰাই দোকানখনৰ পৰা দৈনিক উপাৰ্জন কৰা সামান্য ধনেৰেই টানি-টুনি চলি আছে মিলা ৰায় ৷

কিয় লক্ ডাউন খোলাৰ অপেক্ষাত সত্তৰৰ ঊৰ্ধৰ এগৰাকী মহিলা ?
কিন্তু লক্ ডাউনৰ বাবে পাণ দোকানখন বন্ধ হৈ থকাৰ ফলত এতিয়া হতাশাত ভুগিছে মহিলাগৰাকী ৷ এই পৰ্যন্ত চৰকাৰৰ কোনো সাহাৰ্য পোৱা নাই মিলা ৰায়ে ৷ ফলত আৰ্থিকভাৱে অতি দুৰ্বল মহিলাগৰাকীয়ে উপায়হীন হৈ প্ৰতিদিনে দোকানখনত বহি লক্ ডাউন খোলাৰ অপেক্ষা কৰে।
কিয় লক্ ডাউন খোলাৰ অপেক্ষাত সত্তৰৰ ঊৰ্ধৰ এগৰাকী মহিলা ?
উল্লেখ্য যে, 1 নং ৱাৰ্ডত ভোট দিয়া এই মহিলাগৰাকীৰ নাম বৰ্তমানলৈ ধুবুৰী জিলা প্ৰশাসনৰ সাহাৰ্যৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাক লৈ এতিয়া ক্ষোভ উজাৰিছে বহু লোকে ৷
Last Updated : May 8, 2020, 5:01 PM IST
TAGGED:
মিলা ৰায় ধুবুৰী