অসম

assam

ETV Bharat / state

ধুবুৰীৰ উন্নয়নৰ সংকল্প এজন যুৱকৰ - ETV BHARAT

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্যে তেজ আৰু কিডনী বিক্ৰীৰ সিদ্ধান্ত

YOUTH FROM DHUBRI

By

Published : Mar 4, 2019, 10:21 PM IST

ধুবুৰী, ৪ মাৰ্চ: ধুবুৰীৰ শুকুৰ আলী নামৰ এজন অসাধাৰণ যুৱকে সংকল্প গ্ৰহন কৰিছে ধুবুৰীৰ উন্নয়নৰ । ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিটিএডি এলেকাৰ এই যুৱকজনক মানুহে মৰমতে মিলন দাদা বুলি সম্বোধন কৰে । ধুবুৰীৰ উন্নয়নৰ বাবে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা চিন্তা কৰিছে যদিও টকাৰ অভাৱৰ বাবে যুৱকজনে বিক্ৰী কৰিব বিচাৰিছে নিজৰ তেজ আৰু কিডনী । তেওঁৰ মতে বিগত দিনত কোনো এজন সাংসদে ধুবুৰীৰ মুছলমানৰ বাবে কোনো উন্নয়ন কৰা নাই । জনপ্ৰতিনিধি আৰু চৰকাৰৰ ফালৰ পৰা মুছলমান সকলে কেৱল বঞ্চিত হৈ আহিছে ।

YOUTH FROM DHUBRI

সাংসদ আজমলৰ বিৰুদ্ধে যুঁজত নামি ধুবুৰীৰ মুঠ দহখন বিধান সভাৰ ভিতৰত সাতখন বিধান সভাৰ পৰা মুঠ ৯ লাখ ভোট তেওঁ সংগ্ৰহ কৰিব বুলি দাবী কৰে । সাংসদ আজমল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে যুৱকজনে । নিৰ্দলীয় হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ব্যক্ত কৰে গৌৰীপুৰৰ যুৱকজনে ।

ABOUT THE AUTHOR

...view details