ধুবুৰী, 19 জুলাই:বৈদ্যুতিন মাধ্যমৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে দাগী অপৰাধীৰ দৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ঘটনা লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শেহতীয়াকৈ উক্ত ঘটনা সন্দৰ্ভত সৰৱ হৈছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু ।
লগতে পঢ়কঃ এজন ভুৱা বন কৰ্মীৰ ছত্ৰছায়াতেই ধুবুৰীত চলিছে ছিণ্ডিকেট !
আমছুৰ সভাপতি ৰেজাউল ইছলাম সৰকাৰ সহ আমছুৰ প্ৰতিনিধি দলে সাংবাদিক ৰাজীৱ শৰ্মাক সাক্ষাৎ কৰি এই ঘটনাক তীব্র গৰিহণা দিয়ে । ইপিনে এই ঘটনাৰ পিছতেই যিদৰে এছ পি আৰু বন বিষয়াক শাস্তিমূলক বদলি কৰা হৈছে, ঠিক সেইদৰে চলি থকা বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকা বিষয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে আমছুৰ সভাপতি ৰেজাউল ইছলাম সৰকাৰে।
লগতে পঢ়কঃ সৰ্বানন্দ সোণোৱাললৈ টেলিফোন প্ৰধানমন্ত্ৰীৰ
আনহাতে চৰকাৰে ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এছ আই টি গঠনৰ প্ৰসংগত আমছুৰ সভাপতি গৰাকীয়ে কয় যে, বিগত দিনত এছ আই টিৰ তদন্তৰ পিছত যেতিয়া বহু ৰৌ বৰালীৰ নাম সাঙোৰ খায় তেতিয়া সেই তদন্ত এক ভেঁকো ভাওঁনাত পৰিণত হোৱা দেখিছো । গতিকে ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে মাত মাতি অহা সাংবাদিক ৰাজীৱ শৰ্মাৰ সৈতে হোৱা এই ঘটনাৰ তদন্ত যাতে পৰৱৰ্তী সময়ত ফুটুকাৰ ফেনত পৰিণত নহয় ইয়াৰ প্ৰতি সংগঠনটোৱে দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল ইছলাম সৰকাৰে ৷
সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে আমছুৱে। পৰৱৰ্তী সময়ত যাতে কোনো এজন সাংবাদিকৰ বিৰুদ্ধে এনে ষড়যন্ত্ৰ কৰিবলৈ কোনেও সাহস নাপায় সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সংগঠনটোৱে ।