ধুবুৰী, 13 নৱেম্বৰঃ হাটশিঙিমাৰীত আমছুৰ সজাগতা সভা । সভাত বহিৰাগত NGOৰ পৰিৱৰ্তে, পূৰ্বৰ দৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰদানৰ দাবী । মঙলবাৰে দক্ষিণ শালমৰাৰ মানকাচাৰ জিলা সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা শ্বহীদ কনকলতা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত দক্ষিণ শালমৰা মানকাচাৰ জিলা আমছুৱে অনুষ্ঠিত কৰে সজাগতা সভা ।
ধুবুৰীত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ৩০৪ খন বিদ্যালয় - মধ্যাহ্ন ভোজন
উল্লেখ্য যে, ৰাজ্য চৰকাৰে বহিৰাগত বেচৰকাৰী সংস্থা তথা NGOক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে বহিৰাগত বেচৰকাৰী সংস্থা তথা NGOক ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ দায়িত্ব অৰ্পণ কৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ । হাটশিঙিমাৰীত "কেৰিয়াৰ ইডুকেশ্যন ছ'চাইটি" নামৰ এটা বেচৰাকাৰী সংস্থাই বিগত কেইবাদিন ধৰি যোগান ধৰি আহিছিল মধ্যাহ্ন ভোজন ৷ কিন্তু বিগত বহু কেইদিন ধৰি বেচৰকাৰী সংস্থাটোৰ খাদ্য প্ৰস্তুতৰ মেচিন বিকল হোৱাত জিলাখনৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত হৈ আছে ৷ যাক লৈ জিলাখনত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টো চৰকাৰক অৱগত কৰিছে যদিও চৰকাৰে তৎকালীনভাবে কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বৰ্তমানলৈকে মধ্যাহ্ন ভোজনৰ খাদ্যৰ পৰা বঞ্চিত হৈ আছে জিলাখনৰ ৩০৪ খন বিদ্যালয়ৰ প্ৰায় ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰী ।