অসম

assam

ETV Bharat / state

বিলাসীপাৰাত আমছুৰ বিশাল সজাগতা সভা - বিলাসীপাৰাত আমছুৰ বিশাল সজাগতা সভা

বিলাসীপাৰাত বাল্য বিবাহ, ড্ৰাগছ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আমছুৰ বিশাল সজাগতা সভা (AMSU awareness program held at Bilaspur)। বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত আৰু টিলাপাৰা আঞ্চলিক আমছুৰ সহযোগত টিলাপাৰাত অনুষ্ঠিত হয় এই বিশাল সজাগতামূলক অনুষ্ঠান ।

AMSU awareness program held at Bilaspur
বিলাসীপাৰাত আমছুৰ বিশাল সজাগতা সভা

By

Published : Sep 17, 2022, 2:09 PM IST

পশ্চিম বিলাসীপাৰা, 17 ছেপ্টেম্বৰ :আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো বাল্য বিবাহ, অন্ধ বিশ্বাস, কু-সংস্কাৰত জৰ্জৰিত বহু গাঁও । বাল্য বিবাহ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তাক লৈ বিলাসীপাৰাৰ টিলাপাৰাত শুকুৰবাৰে আমছুৱে আয়োজন কৰে এক বিশাল সজাগতামূল অনুষ্ঠানৰ (AMSU awareness program held at Bilaspur)। এই অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কেবাগৰাকীও জ্যেষ্ঠ নেতা ৷

‘‘আজিও একাংশ কাজী তথা পিতৃয়ে 12 বছৰীয়া কন্যাক 18 বছৰীয়া দেখুৱাই সমাজত অব্যাহত ৰাখিছে সামাজিক ব্যাধি বাল্য বিবাহ’’ (Child Marriage Incident)। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

বিলাসীপাৰাত আমছুৰ বিশাল সজাগতা সভা

সেয়ে তেওঁ সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ লগতে মদ, জুৱা, ড্ৰাগছ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বিশেষ পদক্ষেপ ল’বলৈ চৰকাৰক আহ্বান জনাই আমছুৰ সভাপতিগৰাকীয়ে ৷ ধৰ্মীয় সংখ্যালঘু মুছলমানক বিভাজন সন্দৰ্ভত ৰেজাউল কৰিম সৰকাৰে কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে ৷

বিশেষ সম্প্ৰদায়ৰ লোকক অমানৱীয় উচ্ছেদ, জেহাদীৰ নামত মাদ্ৰাছা ভাঙিছে আৰু হিন্দুত্ববাদীৰ ট্ৰামকাৰ্ড খেলি দিল্লীৰ মচনদত প্ৰিয়পাত্ৰ হোৱাৰ চেষ্টা কৰিছে । সভাপতিগৰাকীয়ে আৰু কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু স্থানত মুছলমানৰ মাজত বিভাজন কৰিছে ।এই নিকৃষ্ট ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও সফল হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৰেজাউল কৰিম সৰকাৰে ৷

লগতে পঢ়ক :শতিকা পুৰণি বিদ্যালয়ত জৰাজীৰ্ণ টিনপাতৰ তলত পাঠদান

ABOUT THE AUTHOR

...view details